Begin typing your search above and press return to search.

অৱশেষত উদ্ধাৰ ঐতিহ্যমণ্ডিত উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ

অৱশেষত উদ্ধাৰ ঐতিহ্যমণ্ডিত উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 May 2019 6:54 AM GMT

আজি উদ্ধাৰ কৰিলে ঐতিহ্যমণ্ডিত উগ্ৰতাৰা মন্দিৰৰ চুৰি হোৱা বিগ্ৰহ। নলবাৰীৰ চামতা উদ্ধাৰ কৰা কৰা হৈছে বিগ্ৰহটো । আজি ৫ মাহ ১৬ দিনৰ পাছত গোলাঘাট আৰক্ষীয়ে নলবাৰীত অভিযান চলাই উদ্ধাৰ কৰে বিগ্ৰহটো। ৪ টা চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিগ্ৰহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

গোলাঘাট আৰক্ষী অধীক্ষক পুস্পৰাজ সিংহৰ নেতৃত্বত যোৱা গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সুৰজিৎ সিং পানেচৰ আৰু আৰক্ষীৰ দলে নলবাৰীৰ পৰা বিগ্ৰহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

৪ টা চোৰক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিগ্ৰহটো উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। চোৰ কেইটা ক্ৰমে নলবাৰীৰ চান হুছেইন, টিহুৰ আদিল আলি, মকালমুৱাৰ ৰাহুল আলি আৰু পাঞ্জাবাৰীৰ মিন্টু ৰায় । নিশায়ে নলবাৰীৰ পৰা চোৰ কেইটা গ্ৰেপ্তাৰ কৰি গোলাঘাটলৈ লৈ যোৱা হৈছে ।

বিগ্ৰহ চিনাক্ত কৰিবলৈ ইতিমধ্যে গোলাঘাটলৈ ৰাওনা উগ্ৰতাৰাৰ মুখ্য পুজাৰী। আজিৰে পৰা উগ্ৰতাৰা মহোৎসৱত আৰম্ভ হোৱাৰ কথা আছিল । ১ মে আৰু ২ মেত দুদিনীয়াকৈ এই মহোৎসৱটি অনুষ্ঠিত কৰিছিল । আজি অধিবাসৰ পিছত কাইলৈ নতুন বিগ্ৰহ প্ৰতিষ্ঠাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল মন্দিৰ কৰ্তৃপক্ষয়ে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি