যোৱা চাৰিদিন এনডিআৰএফ আৰু এছডিআৰএফ বাহিনীৰ ব্যৰ্থ অভিযানৰ পাছত আজি ভাৰতীয় নৌসেনাৰ নেতৃত্বত উদ্ধাৰ অভিযানত সন্ধান ওলাল হৰেন বৰাৰ পৰিয়ালৰ। অৱশেষত উদ্ধাৰ হল দিখৌ মুখত জাহ যোৱা হৰেন বৰাৰ অভিশপ্ত বাহন খন । দুৰ্ঘটনাস্থলিৰ পৰা ৩০০ মিটাৰ আতৰত উদ্ধাৰ বাহন খন । প্ৰথমে চুম্বকে সন্ধান দিলে অভিশপ্ত বাহন খন । এছডিআৰএফ বাহিনীৰ ডুবাৰু দলে পানীৰ তলত গৈ বাহন খনৰ চকাত ৰছা বান্ধি অৱশেষত ওপৰলৈ আনে বাহন খন।মৃতদেহকেইটা গাড়ীৰ ভিতৰতে উদ্ধাৰ হৈছে।
Begin typing your search above and press return to search.