Begin typing your search above and press return to search.

অৱসৰ প্ৰাপ্ত জিলা উপায়ুক্তৰ দুৰ্নীতি

অৱসৰ প্ৰাপ্ত জিলা উপায়ুক্তৰ দুৰ্নীতি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Aug 2018 7:04 AM GMT

অসম আৰক্ষীৰ দুৰ্নীতি মুক্ত শাখাই যোৱা শুক্ৰবাৰে অৱসৰ গ্ৰহন কৰা চিৰাংৰ জিলা উপায়ুক্ত বিনোদ কুমাৰ ডেকাক ঘোচ লোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰে।

চম্পা বসুমতাৰী নামৰ মহিলা এগৰাকীয়ে দিশপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰবৰীৰ এচিবি আৰক্ষী থানাত যোৱা বছৰৰ চেপ্তেম্বৰ ২২ তাৰিখে বিনোদ কুমাৰ ডেকাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে।জানিব পৰা মতে,জিলা উপায়ুক্ত গৰাকীয়ে কোনো এখন বিলৰ বাবে ৩০,০০০টকা ঘোচ লোৱাৰ অভিযোগত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰে।অভিযোগ তথা ঘটনাটোৰ সময়ত আৰক্ষী বিষয়া ডেকা চিৰাং জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত আছিল।

চম্পা বসুমতাৰীয়ে এই ঘটনা নিজৰ সপক্ষে সন্দৰ্ভত প্ৰমান হিচাপে ভিডিঅ' ফুটেজ প্ৰদান কৰিছিল।তদন্তৰ সময়ত সাক্ষৰ প্ৰমান আৰু বিশেষজ্ঞ সকলৰ মতামতত চালিজাৰি চাই প্ৰাথমিক তদন্ত সমগ্ৰ ঘটনাটো সঁচা বুলি উল্লেখ কৰিছে।জানিব পৰা মতে,অহা শনিবাৰলৈ বিশেষ আদালতত তেওঁক হাজিৰ কৰোৱা হ'ব।

Next Story
চাকৰি