অ' এন জি চিৰ তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত

অ' এন জি চিৰ তৈল ক্ষেত্ৰ ব্যক্তিগত কৰণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত
Published on

অ' এন জি চি য়ে বহুকেইখন তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তৰ বিৰোধিতা কৰি আজি শিৱসাগৰত প্ৰতিবাদ সাব্যস্ত কৰা হয়। ভাৰতীয় জাতীয় শ্ৰমকল্যাণ কংগ্ৰেছ আৰু শিৱসাগৰ ঠিকাভিত্তিক শ্ৰমিক সন্থাই যুতীয়া ভাবে শুক্ৰবাৰে শিৱসাগৰ অ' এন জি চিৰ মুখ্য প্ৰবেশ দ্বাৰত এই প্ৰতিবাদ সাব্যস্ত কৰে। তৈলক্ষেত্ৰ সমূহৰ ব্যক্তিগতকৰণৰ উপৰিও শিৱসাগৰ অ' এন জি চিৰ মাষ্টাৰ ৰোল কৰ্মচাৰী, ঠিকাভিত্তিক শ্ৰমিক আৰু কৰ্মচাৰী সকলে ভোগ কৰি অহা বিভিন্ন সমস্যা সমাধানৰ দাবীও এই প্ৰতিবাদৰ সময়ত উত্থাপন কৰা হয়।

যুতীয়া প্ৰতিবাদ সাব্যস্ত কৰা দুয়োটা সংগঠনৰ নেতাই অ' এন জি চিত এশতকৈও অধিক মাষ্টাৰ ৰোল আৰু ঠিকাভিত্তিক শ্ৰমিক আৰু কৰ্মচীৰয়ে সামান্য বেতনত উৎপাদন খাদ সমূহত ড্ৰিলিঙৰ কাম কৰি আছে বুলি মত প্ৰকাশ কৰে। এই সকল শ্ৰমিকৰ চাকৰিৰ কোনোধৰণৰ নিৰাপত্তা নাই, বেচিভাগ শ্ৰমিকে অস্থায়ী ভাবে বিপদজনক ধৰণৰ এনে কাম সমূহ কৰি আহিছে।এই সকল শ্ৰমিক আৰু শ্ৰমিকৰ পৰিয়ালে স্থায়ী চাকৰিয়াল সকলে পোৱা ধৰণে কোনো ধৰণৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু অন্যান্য সেৱা লাভ নকৰে। এই সকলো দাবী শীঘ্ৰে পূৰণ কৰাৰ বাবে দুয়োটা দলে প্ৰতিবাদ সাব্যস্ত কৰে।অ' এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ এয়াই প্ৰথম নহয় সময়ে সময়ে অসমৰ বিভিন্ন দল সংগঠনে তৈল গোষ্ঠীটোৱে কৰি অহা প্ৰতাৰণাৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

অধিক খবৰৰ বাবে পঢ়ক ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com