আঁঠটা বিজ্ঞান প্ৰকল্পৰ বাবে শিশু বিজ্ঞানীক নিৰ্বাচন

আঁঠটা বিজ্ঞান প্ৰকল্পৰ বাবে শিশু বিজ্ঞানীক নিৰ্বাচন

মাজুলীত অনুষ্ঠিত হোৱা ৰাজ্যিক শিশু বিজ্ঞান কংগ্ৰেছত ৮টা বিজ্ঞান প্ৰকল্পৰ বাবে দৰঙ জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰা হয় ।মুঠ ১৬ গৰাকী শিশু বিজ্ঞানীক এটা দলত দুটাকৈ ভাগ কৰি তেওঁলোকৰ প্ৰকল্প সমূহৰ বিষয় হ'ল বিজ্ঞান,প্ৰযুক্তি বিদ্যা আৰু নিকা,সেউজীয়া আৰু শক্তিশালী দেশৰ নিৰ্মান কৰা ।২৬সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান কংগ্ৰেছ২০১৮ৰ অধীনত জিলা শিশু বিজ্ঞান কংগ্ৰেছৰ সামৰনি অনুষ্ঠান মঙলদৈ কলেজত অনুষ্ঠিত হ'ব ।

সখ্যাতিৰে উৰ্ত্তীন হোৱা শিশু বিজ্ঞানী কেইজন হৈছে জগৰাজ শৰ্মা আৰু প্ৰিয়ব্ৰতা দাস(কেন্দ্ৰীয় বিদ্যালয়,মঙলদৈ),দেৱৰ্ষি নাথ আৰু অনিমেষ নাথ(পশ্চিম দৰং জাতীয় বিদ্যালয়,দিপিলা),জ্যোতিষ্মান পাঠক আৰু হিলিমা খাটুন(মঙলদৈ টাউন গাৰ্লছ হাইস্কুল),প্ৰবিন আফতাব আৰু কৃষ্ণা বড়া(মঙলদৈ টাউন গাৰ্লছ হাইস্কুল),প্ৰিয়াম জ্যোতি কলিতা আৰু ৰোহিত বস(ডনবস্ক হাইস্কুল,মঙলদৈ),নুপূৰ কাশ্যপ আৰু জ্যোস্না দাস(শংকৰদেৱ শিশু বিদ্যা নিকেতন,মঙলদৈ),নৰি বেগম আৰু বৰ্ষা ভট্টাচাৰ্য্য(দেউৰমনৈ উচ্চতৰ মাধ্যমিক),আৰু চাহিল আলি মুচ্চাদিক আৰু ধৃতিৰাজ নাথ(হলি চাইল্ড পাব্লিক স্কুল)। মুঠ ৭৩ বিজ্ঞান প্ৰকল্প উপস্থাপন কৰা হয় আৰি ১০৯ গৰাকী শিশু বিজ্ঞানী জিলা ভিত্তিল শিশু বিজ্ঞানত অংশ গ্ৰহন কৰে ।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com