আই আই টিত ৰাজ্যপাল জগদীশ মুখীৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবৰ কাৰণে আহ্বান

আই আই টিত ৰাজ্যপাল জগদীশ মুখীৰ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই যাবৰ কাৰণে আহ্বান
Published on

আই আই টিত অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে ভৱিষ্যতৰ সুবিধাৰ্থে মানৱজাতিৰ কল্যানৰ কাৰণে আৰু নতুন চিকিৎসাৰ উপায়ৰ কাৰণে নানো টেকনোল’জি মুকলি কৰিছে ৷ ৰাজ্যপাল মুখীয়ে লগতে কয় যে এই ধৰণৰ বিকাশ লাভ কৰিবলৈ হ’লে ভাৰতীয় প্ৰাদ্যোগিক প্ৰতিষ্ঠান অৰ্থাৎ আই আই টিয়ে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব ৷

লগতে আই আই টিৰ ছাত্ৰ ছাত্ৰীসকলে দেশক বিকাশৰ পথত আগবঢ়াই নিবৰ কাৰণে এনেধৰণৰ পদক্ষেপত সক্ৰিয় ভূমিকা ল’ব লাগে ৷বুধবাৰে উত্তৰ গুৱাহাটীৰ আই আই টিত গৱেষণা আৰু বিকাশ ভৱনৰ উৎঘাটন কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে আই আই টি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰযুক্তি তথা শৈক্ষিক জ্ঞানক লৈ তেওঁ সুখী ৷ গৱেষণা আৰু বিকাশে দেশখনক বিকাশৰ পথত আগবঢ়াই লৈ যাবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷

আই আই টি গুৱাহাটীৰ সকলো ছাত্ৰ ছাত্ৰীকে নানোটেকন’লজি তথা গৱেষণা আৰু প্ৰযুক্তিত নিজৰ জ্ঞান আৰু বুদ্ধিৰে আগুৱাই যাবলৈ কয় ৰাজ্যপাল মুখীয়ে ৷ ৰাজ্যপাল জগদীশ মুখীয়ে লগতে কয় যে বিদ্যুৎ,পৰিবহন,শিক্ষা আৰু স্বাস্থ্য,জনসংযোগ,কৃষি,খাদ্য কাৰিকৰী বিভাগৰ দৰে কিছুমান ক্ষেত্ৰত পৰিৱৰ্তন কাৰণে অধিক মনোনিবেশ কৰিব লাগে ৷

এই বিষয়সমূহত মনোনিবেশ কৰিলে অৰ্থনৈতিক,খাদ্য আৰু ৰাষ্ট্ৰীয় সুৰক্ষাত যথেষ্ট পৰিৱৰ্তন হ’ব ৷ ছাত্ৰ ছাত্ৰীসকলে স্বাধীনভাৱে নিজকে প্ৰতিষ্ঠা কৰিবৰ কাৰণে পৰিবেশ সৃষ্টি কৰিব লাগে ৷এক সংবাদ বিবৃত্তি অনুসৰি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সংস্থাপনৰ আৱশ্যকতাৰ প্ৰসংগ উল্লেখ কৰি ৰাজ্যপাল জগদীশ মুখীয়ে কয় যে আই আই টিত সংস্থাপনৰ বিশেষ ভূমিকা আছে ৷ কাৰণ, সংস্থাপনে ভৱিষ্যত প্ৰজন্মক প্ৰেৰণাৰ লগতে উৎসাহ দিয়ে। ৰাজ্যপাল মুখীয়ে দুটা ভৱন উৎঘাটন কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক বিকাশত ভৱন কেইটাই সহায় কৰিব বুলি আশা প্ৰকাশ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com