Begin typing your search above and press return to search.

আই আই টীৰ ছাত্ৰৰ অদ্ভূত আৱিস্কাৰ ; উশাহৰ জৰিয়তে জানিব পাৰিব আপোনি এগৰাকী মধুমেহ ৰোগী হয় নে নহয়

আই আই টীৰ ছাত্ৰৰ অদ্ভূত আৱিস্কাৰ ; উশাহৰ জৰিয়তে জানিব পাৰিব আপোনি এগৰাকী মধুমেহ ৰোগী হয় নে নহয়

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  9 Oct 2018 8:10 AM GMT

দেশৰ সৰ্বোচ্চ শাৰীত অগ্ৰনী ভূমিকা গ্ৰহন কৰা আগশাৰী প্ৰযুক্তি বিদ্যাৰ প্ৰতিষ্ঠানে হৈছে ভাৰতীয় প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান তথা আই আই টী ।দেশৰ বহু ছাত্ৰ-ছাত্ৰীয়ে এই প্ৰতিষ্ঠানত পঢ়াৰ এক সপোন মনত পুহি ৰাখে । কোৱা হয় এই প্ৰতিষ্ঠানৰ পৰা পঢ়ি উৰ্ত্তীন হোৱা ছাত্ৰ-ছাত্ৰীয়ে বিশ্বৰ ভিন্ন ঠাইত উচ্চ পদস্থ বিষয়া হিচাপে নিযুক্তি হ'বলৈ সক্ষম হয় । নতুন কিবা এটা কৰা নাইবা নতুন কোনো কামৰ আৰম্ভনি কৰাত আই আই টিৰ ছাত্ৰ সকল সদায় আগত থাকে । কিন্তু আজিৰ কাহিনীটোৰ জৰিয়তে আই আই টিৰ ছাত্ৰই নিজৰ বুদ্ধি আৰু কষ্টৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ বাবে এক মহত্বপূৰ্ন কাম কৰি আছে । ইয়াৰ এক প্ৰতিচ্ছবি দেখা পোৱা গল মুম্বাইৰ আই আই টিৰ দ্ধাৰা আয়োজিত মেডিকেল দিৱস ইনবেশ্বন কনকলেভ২০১৮ত ,য'ত আই আই টিৰ ছাত্ৰই এনেকোৱা এটা ডিভাইচ সাজি উলিয়াইছে যাৰ জৰিয়তে মানুহৰ উশাহ-নিশাহৰ জৰিয়তে চুগাৰ কিমান আছে তাৰে ফলাফল পোৱা যাব ।

মম্বাই স্থিত আই আই টিত অনুষ্ঠিত হোৱা ২০১৮ৰ মেডিকেল দিৱসৰ অনুষ্ঠানত এটাতকৈ এটা উচ্চ পৰ্যায়ৰ মেডিকেল ডিভাইচত গৱেষনা চলি আছে । কিছুদিনৰ পৰা মুম্বাইৰ আই আই টিৰ পৰা বিএমসিসিৰ ইনবেশন ৰূপত ৬৪টা বৃত্তিমূলক দলে এক ব্যতিক্ৰমী প্ৰক্ৰিয়া সফল কৰিবলৈ চেষ্টা কৰি আছে । মেডিকেল ক্ষেত্ৰ খনৰ বৃত্তিজনিত আৰু আই আই টিৰ অভিযন্তা সকলে লগ হৈ মেডিকেল জগত খনত মানুহৰ স্বাস্থ্য ৰক্ষাৰ স্বাৰ্থে যোৰদাৰ চেষ্টা অব্যাহত ৰাখিছে । তেওঁলোকৰ মুখ্য উদ্দেশ্য হৈছে চিকিৎসা জগত খনৰ বাবে এনেকুৱা এটা যন্ত্ৰ আবিস্কাৰ কৰা যাৰ জৰিয়তে মানুহৰ সু-স্বাস্থ্যৰ হকে কামত আহে । সমগ্ৰ দেশতে ৬৪টা দলক ১৬ টা বেলেগ বেলেগ দলত ভাগ কৰি দিয়া হৈছে ।

এই যন্ত্ৰটোৰ আৱিস্কাৰৰ ফলত বহু সুবিধা হ'ব,ভাবি চাওকচোন কোনো ধৰনৰ তেজ পৰীক্ষা নকৰাকৈ একমাত্ৰ উশাহৰ জৰিয়তে জানিব পৰা যাব আপোনাৰ অৰ্থাৎ ব্যক্তিৰ মধুমেহ ৰোগৰ বিষয়ে । উশাহ-নিশাহৰ গোন্ধৰ জৰিয়তে গম পোৱা যাব ডায়বেটিচ তথা মধুমেহ ৰোগ আছে নে নাই । গুৰুত্বপূৰ্ন কথাটো এইটো যে ডায়বেটিচ তথা মধুমেহ ৰোগ থকা মানুহৰ উশাহৰ গোন্ধ বেছি পৰিমানে থাকে । দাঁতৰ এলবিওলোৰ হাড় আৰু পিৰিয়োডেণ্টেল লিংগামেণ্ট মাংসপেশী এটাৰ লগত এটা যোৰ খাই থাকে ।এনেকুৱাত যিসকল লোকৰ মধুমেহ ৰোগত নিয়ন্ত্ৰন নাথাকে,তেওঁলোকৰ লিংগামেণ্ট কমযোৰী হয় পৰে ,আৰু তেতিয়াই দাঁতত খালী ঠাইৰ সৃষ্টি হয় আৰু খাদ্য খোৱাৰ পিছত দাঁতৰ মাজত থাকি যায় যিটো অতি বেয়া লক্ষণ ।যাৰ বাবে মধুমেহ ৰোগী সকলৰ দাঁত হালধীয়া বৰন হ'বলৈ ধৰে ।

ইয়াৰ জৰিয়তে শ্বাস-প্ৰশ্বাসৰ জৰিয়তে সাধাৰন মানুহ আৰু মধুমেহ ৰোগীৰ মাজত পাৰ্থক্য জানিব পাৰি ।এতিয়ালৈ এই বিষয়ৰ ওপৰত গৱেষনা চলি আছে হয় কিন্তু পিছলৈ ই মানুহৰ বহু কামত আহিব বুলি বিশ্বাস কৰিব পাৰি ।

ইয়াৰোপৰি মুম্বাইৰ আই আই টিৰ ডিজিটেল ষ্টেতিচস্কোপ সাজি উলিয়াই যাৰ জৰিয়তে সাধাৰন উশাহ-নিশাহৰ উপৰিও সাধাৰন মানুহে নিজৰ উশাহ-নিশাহ,শ্বাস-প্ৰশ্বাসৰ ৰেকৰ্ডিং কৰি লৈ নিজ নিজ ডাক্তৰক পঠিয়াই দিব পাৰে । এনে ধৰনৰ ডিজিটেল ষ্টেতিচস্কোপ ভাৰতৰ দৰে ঠাইত অতিকৈ প্ৰয়োজনীয় ।

এনে ধৰনৰ ভিন্ন ভিন্ন নতুনত্ব বস্তুৰ আৱিস্কাৰে প্ৰমান কৰাইছে যে আই আই টিৰ ছাত্ৰ-ছাত্ৰী সকল সকলো ক্ষেত্ৰতে আগবঢ়া ।

Next Story
চাকৰি