আচ্চে দিনৰ প্ৰতিশ্ৰুতি দি দিল্লীৰ গাদী দখল কৰা নৰেন্দ্ৰ মোডী নেতৃত্বধীন ভাৰতীয় জনতা পাৰ্টী চৰকাৰে প্ৰত্যেক দিনে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি কৰাত সাধাৰন জনতাই জিয়াতু ভূগিব লগীয়া হৈছে।আজিও বৃদ্ধি পালে পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। গুৱাহাটীত আজি পেট্ৰ’লৰ মূল্য ১৭ পইচাকৈ বৃদ্ধি হোৱাৰ ফলত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম হৈছেগৈ ৮৫.০৫ টকা। ইয়াৰ বিপৰীতে ৭৭.৩৫ টকালৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম। ১১ পইচাকৈ বৃদ্ধি পালে ডিজেলৰ মূল্য।ইয়াৰ লগে লগে যান-বাহন সমূহৰ ভাড়াৰ লগতে প্ৰয়োজনীয় প্ৰায় সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱাতো নিশ্চিত হৈ পৰিছে।
Begin typing your search above and press return to search.