Top
Begin typing your search above and press return to search.

আকৰ্ষণীয় পৰ্য্যায়ত এডিলেইট টেষ্ট

আকৰ্ষণীয় পৰ্য্যায়ত এডিলেইট টেষ্ট

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Dec 2018 12:40 PM GMT

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এডিলেইটত চলি থকা টেষ্ট শৃখলাৰ প্ৰথমখন টেষ্ট আকৰ্ষণীয় পৰ্য্যায়ত উপনীত হৈছে। প্ৰথম ইনিংছত ভাৰতৰ ২৫০ ৰাণৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াই দ্বিতীয় দিনাৰ ৭ উইকেটৰ ১৯১ ৰাণৰ পৰা খেলিবলৈ আৰম্ভ কৰি ২৩৫ ৰাণত অলআউট হৈ যায়। আগদিনাৰ অৰ্ধশতৰাণকাৰী বেটছমেন ট্ৰেভিছ হেডে আজি ৭২ ৰাণ কৰি বিদায় লয়। ভাৰতৰ হৈ বলিঙত আশ্বিন, বুমৰাহে তিনিটাকৈ উইকেট দখল কৰে আৰু ইশান্ত শৰ্মা, মহম্মদ চামীয়ে দুটাকৈ উইকেট দখল কৰে। প্ৰথম ইনিংছত ১৫ ৰাণৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰা ভাৰতীয় দলটোৱে নিজৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰি দলীয় স্কোৰ ৬৩ ৰাণত প্ৰথমটো উইকেট হেৰুৱায়। পুনৰ ব্যৰ্থ হয় অপেনাৰ মুৰুলী বিজয়। আনজন অপেনাৰ কে এল ৰাহুলে প্ৰথম ইনিংছত শতৰাণকাৰী পূজাৰৰ লগত সাৱলীল ভাবে খেলি দলৰ স্কোৰ আগবঢ়াই লৈ যাওঁতে ব্যক্তিগত ৪৪ ৰণত হেজেলহুডৰ চিকাৰ হয়। অধিনায়ক কোহলী ক্ৰিজলৈ আহি পূজাৰৰ সৈতে দলীয় স্কোৰ আগবঢ়াই লৈ যাওঁতে তৃতীয় দিনৰ খেল শেষ হবলৈ কেইমিনিট মান বাকী থকা অবস্থাত ৩৪ ৰাণত নাথান লিয়নৰ ব'লত আউট হৈ পেভিলিয়নলৈ উভতি যায়।তৃতীয় দিনৰ খেলৰ অন্তত পূজাৰাই ব্যক্তিগত ৪০ ৰাণ আৰু ৰাহানেই ১ ৰাণত বেটিঙ কৰি আছে। ভাৰতে সামগ্ৰিক ভাবে ১৬৬ ৰাণৰ অগ্ৰগতি লাভ কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক খেলৰ পৃথিৱী

Next Story