Begin typing your search above and press return to search.

আঙুৰলতাই আধাৰশিলা স্থাপন কৰা পথত দুবছৰে নপৰিল এটাও শিল

আঙুৰলতাই আধাৰশিলা স্থাপন কৰা পথত দুবছৰে নপৰিল এটাও শিল

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 Nov 2018 6:10 AM GMT

পৰিৱৰ্তনৰ শ্লোগান আওৰাই ৰাজ্যৰ শাসনৰ বাঘজৰী দখল কৰা বিজেপি চৰকাৰে বিগত আঢ়ৈ বছৰৰ কাৰ্যকালত গাঁৱে-ভূঁঞে আচলতে কি ধৰণৰ উন্নয়ন সাধন কৰিছে সেয়া বটদ্ৰৱা সমষ্টিৰ কেইবাটাও গ্ৰাম্য পথৰ দুৰবস্থাই সাক্ষ্য বহন কৰিছে । ৰাজ্যত পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ আগমূহূৰ্তত বিজেপিৰ মন্ত্ৰী- বিধায়কৰ পদাংক অনুকৰণ কৰি বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকাই আধাৰশিলাৰ হাফ চেঞ্চুৰী কোবালে ঠিকেই পিছে দুবছৰ পূৰ্বেই বিধায়িকাগৰাকীয়ে আধাৰশিলা স্থাপন কৰি যোৱা কেইবাটাও পথত বৰ্তমানেও কাম আৰম্ভ নোহোৱাক লৈ ৰাইজৰ মাজত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হৈছে ।

বটদ্ৰৱা বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত কুৰুৱাবাহীৰ পৰা জামুগুৰি সংযোগী পথটোৰ দুৰবস্থাই প্ৰায় এক দশকজুৰি সৰ্বসাধাৰণ ৰাইজে যাতায়তৰ ক্ষেত্ৰত যমৰ যান্ত্ৰণা ভোগ কৰি আহিছে। প্ৰাক্তন কংগ্ৰেছী বিধায়ক গৌতম বৰাৰ ১৫ বছৰীয়া কাৰ্যকালত মেৰামতিৰ পৰশ নপৰা পথটোত বিধায়িকা আঙুৰলতাই অতিশীঘ্ৰে পকীকৰণৰ আশ্বাস প্ৰদান কৰি ২০‍১৬ বৰ্ষৰ ৯ ডিচেম্বৰ তাৰিখে অাধাৰশিলা স্থাপন কৰে। MGNREGA (২০১৬-২০১৭ ৰ) অধীনত প্ৰায় ১৩ ল‍াখ টকা ব্যয়েৰে উক্ত পথটো পকীকৰণৰ আধাৰশিলা স্থাপন কৰি বিধায়িকাগৰাকীয়ে পিছদিনাৰ পৰাই কাম আৰম্ভ হ'ব বুলি ৰাইজৰ আগত সদম্ভে ঘোষণাও কৰিছে ।

পিছে আজি দুবছৰে পথটো নিমাৰ্ণৰ নামত শিল-বালিটো দূৰৰে কথা এচপৰা মাটি নপৰাক লৈ জামুগুৰি- কুৰুৱাবাহী অঞ্চলৰ ৰাইজ এতিয়া ক্ষুণ্ণ হৈ পৰিছে। অানকি, একেদিনাই বিধায়িকা গৰাকীয়ে MGNREGAৰ অধীনত কুজিডাঁহ তিনিআলিৰ পৰা হাতীচোং মহাবিদ্যালয়লৈ যোৱা ৫০০ মিটাৰ দৈৰ্ঘ্যৰ পথটি আধাৰশিলা স্থাপন কৰিছিল। উক্ত পথটিও দায়িত্বপ্ৰাপ্ত ঠিকাদাৰে মাত্ৰ কেইমিটাৰমান নিৰ্মাণ কৰিয়েই দায়িত্ব সামৰিলে। যাৰ ফলত দৈনন্দিন এই পথৰে অহা যোৱা কৰা স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী, সৰ্বসাধাৰণ ৰাইজে জীয়াতু ভূগিব লগা হৈছে। উল্লেখ্য যে, নিতৌ ন-ন ৰূপেৰে সমষ্টি বাসীৰ মাজত চমক সৃষ্টি কৰি অহা বিধায়িকা আঙুৰলতাক শীঘ্ৰে পথকেইটা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে জামুগুৰি- কুঁজীডাহবাসী ৰাইজে।

Next Story
চাকৰি