আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যত কৰ্ম সংস্কৃতি বৃদ্ধিৰ কাৰণে আন্দোলন কৰিব লাগে

অসমত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে নিবনুৱা সমস্যাৰ। নিবনুৱা সমস্যা এতিয়া ৰাজ্যৰ চৰকাৰ খনৰ বাবে এক মুৰৰ কামোৰণি স্বৰূপ হৈ পৰিছে। কৰ্মহীনতাৰ বাবেই ৰাজ্যত ক্ৰমাগত ভাবে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। অসমত বৰ্তমান ১৮ লাখ পঞ্জীয়ণভূক্ত নিবনুৱা আছে, ইয়াৰ ভিতৰত ১২ লাখ নিবনুৱা দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণী উত্তীৰ্ণ। চৰকাৰৰ বাবে এই বৃহৎসংখ্যক নিবনুৱাক সংস্থাপন প্ৰদান কৰাটো এক কঠিন অগ্নিপৰীক্ষা স্বৰূপ হৈ পৰিছে। অধিকাংশ কৰ্মৰ বাবে অবহেলা কৰা থলুৱা যুৱকে এই সমস্যাৰ ভূক্তভোগী হৈ আহিছে। ৰাজ্যত দক্ষতা বিকাশৰ বাবে কিছু আচনি গ্ৰহণ কৰা হৈছে যদিও নিবনুৱা সমস্যাৰ কোনোধৰণৰ তৎকালীন সমাধান হোৱা পৰিলক্ষিত হোৱা নাই।ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আৰু বিশেষকৈ গুৱাহাটীত স্পস্টৰূপে দেখি অহা এক দৃশ্য হল-অসমৰ থলুৱা যুৱক সকলে সৰু-সুৰা কাম কাজ কৰিবলৈ লাজ কৰে। এই সকল থলুৱা যুৱকে অধিকাংশ সময় ভাল কাম বিচাৰি ফুৰোতেই শেষ কৰে, কিন্তু বেছিভাগ ক্ষেত্ৰতে তেওঁলোকে ভাল কাম এটা পাবলৈ সক্ষম নহয়। দুখজনক কথাটো হ'ল এটা সময়ত এই যুৱক সকলে নিজেই চলিব নোৱাৰাৰ এটা পৰ্যায়ত উপনীত হয় আৰু পৰিয়ালৰ প্ৰতিও কোনো ধৰণৰ দায়িত্ব পালন কৰিব নোৱাৰা এটা অৱস্থাৰ সৃষ্টি হয়।
এই কাহিনীটো সম্পুৰ্ণ ওলোটা ভাষিক আৰু ধাৰ্মিক সংখ্যালঘু সকলৰ ক্ষেত্ৰত, এই সকল যুৱকৰ যিসকলে হাইস্কুল বা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হৈ উচ্চ শিক্ষা গ্ৰহণ কৰিব নোৱাৰে সেইসকল যুৱকে চাকৰি বিচাৰি সময় অপব্যয় নকৰি সকলো ধৰণৰ কাম-কাজত লাগি যায় আৰু মাহে ১৫০০০-২০০০০ টকা পৰ্য্যন্ত উপাৰ্জন কৰিবলৈ সক্ষম হয়। এইসকল যুৱকে মাছ বেচা, ৰিক্সা চলোৱা, গাড়ী চলোৱা আৰু নিৰ্মীয়মান কাম সমূহত নিয়োজিত হৈ থাকে। এটা তথ্যৰ পৰা গম পোৱা গৈছে যে ৯৯ শতাংশ, প্ৰায় ৫০০০ যুৱক গুৱাহাটী মহানগৰীত নিৰ্মান কাৰ্য্যৰ লগত জড়িত হৈ আছে। কিয় থলুৱা যুৱক সকল এনেধৰণৰ কামৰ লগত জড়িত হৈ নাথাকে সেইটো এটা ডাঙৰ প্ৰশ্ন। নকলেও এটা চৰম সত্য হ'ল যে পৰিয়ালৰ বাধা আৰু সমাজৰ পৰা অহা বিভিন্ন বাধাৰ পৰিপ্ৰেক্ষিপ্তত থলুৱা যুৱক সকলে সৰু-সুৰা কাম সমূহ কৰাৰ পৰা বিৰত থাকে, এটা এনজিঅ'ই কৰ্মহীন যুৱক সকলৰ ওপৰত কৰা জৰীপত এই সত্য প্ৰকাশ পাই। আমোদজনক কথাটো হল যে একেখিনি অসমৰ থলুৱা যুৱকে এনে ধৰণৰ কাম কিন্তু বাংগালোৰ, নতুন দিল্লী, মুম্বাই আদি ডাঙৰ ডাঙৰ চহৰত কৰে।
অসমত আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুটা প্ৰভাৱশালী গোট, এই দুটা সংগঠনে অন্যান্য অংশীদাৰী দল সমূহৰ তুলনাত অসমত অতি সহজেই নিজে বিছৰা ধৰণে কাম সমূহ কৰিবলৈ সক্ষম। কিন্তু বহুমূলীয়া প্ৰশ্নটো হ'ল এই সংগঠন সমূহে কেবল অসমৰ যুৱক সকলক আন্দোলনতে ব্যস্ত কৰি ৰাখিবনে কৰ্মসংস্কৃতিৰ প্ৰতিও আগ্ৰহী কৰি তুলিব। যদিহে এই কাম কৰিব নোৱাৰে, অসমৰ খিলঞ্জীয়া যুৱক সকলে নিজকে লৈ গৌৰৱ কৰিব নোৱাৰা দিন এটা বেছি দুৰত নাই। অসম চৰকাৰেও নিবনুৱা সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব, এই সমস্যা এদিন বা এৰাতিতে সমাধান হোৱা সমস্যা নহয়, ইয়াৰ বাবে দীৰ্ঘ ম্যাদি পৰিকল্পনা হাতত লব লাগিব, যুৱক সকলক আৰ্থিক ভাবে চৰকাৰে নিজাকৈ কিবা এটা কৰাৰ বাবে সহায়ৰ হাত আগবঢ়াব লাগিব যাতে তেওঁলোকে পশু পালন, মৎস পালন, কৃষি কৰ্মত আত্মনিয়োগ কৰিব পাৰে। অসমৰ কৃষি আৰু পশুপালন ক্ষেত্ৰত যথেষ্ট সম্ভাৱনা লুকাই আছে আৰু কিন্তু ইমানবোৰ সম্ভাৱনা থকাৰ পিছতো ইয়াৰ সঠিক ব্যৱহাৰ কৰিব নোৱাৰাটো এক গুৰুত্বপূৰ্ণ কথা।
অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি