Begin typing your search above and press return to search.

আজান পীৰ উদ্যানত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰঙালী বিহু উদযাপন

আজান পীৰ উদ্যানত গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ ৰঙালী বিহু উদযাপন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  28 April 2019 9:12 AM GMT

অসমৰ ভূমিপুত্ৰ ইছলামধৰ্মী গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ হেৰাই যোৱা ঐতিহ্য, পৰম্পৰা উদ্ধাৰ তথা অধিকাৰৰ হৈ দীৰ্ঘসময় সংগ্ৰাম কৰি অহা সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে প্ৰথমবাৰৰ বাবে গুৱাহাটী মহানগৰীত জাকজমকতাৰে ৰঙালী বিহু উদযাপন কৰে। সংগঠনটোৰ মহানগৰ জিলা সমিতিৰ উদ্যোগত মাছখোৱাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আজান পীৰ উদ্যানত শনিবাৰে দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয় ৰঙালী বিহু।

পুৱা ৯-৩০ বজাৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচী অনুসৰি প্ৰথমে সংগঠনটোৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় সভাপতি হাফিজুল আহমেদে। বিহুৰ পতাকা উত্তোলন কৰে গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ছেলিম আহমেদে। ১০ বজাত শ্বহীদ তৰ্পণ কৰে সংগঠনটোৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক শ্বহীদ আলী আহমেদে। ইয়াৰ পিছতে আৰম্ভ হয় মুকলি বিহু তথা বাৰেৰহণীয়া অনুষ্ঠান।

সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে আঁত ধৰা এই অনুষ্ঠানত অসমৰ কেইবাটাও জনগোষ্ঠীৰ সাংস্কৃতিক দল তথা বিহু দলে জেং বিহু, ফাট বিহু, হুঁচৰি, বিহু নৃত্য, জিকিৰ আদি পৰিৱেশন কৰে। কাৰ্যসূচীত বিশিষ্ট অধিবক্তা নেকিবুৰ জামান, গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ উপদেষ্টা ছহিৰ ভূঞা, ডিমাছা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্ঠা প্ৰফুল্ল হাফিলা, হাজং ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ কুমাৰ হাজং, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সভাপতি উদয়ন গগৈ, মাছখোৱাৰ সমাজকৰ্মী ইফটিকাৰ আহমেদ, ইঞ্জিনীয়াৰ জাকিৰ হুছেইন, অভিযন্তা ৰঞ্জন মহন্ত, মকবুল হুছেইন কামৰূপী, মেহমুদা নুৰী, ড০ আৰমেদা আহমেদ, ছামচুল হুদা পাটগিৰি, অনিতা ৰহমানকে আদি কৰি কেবাগৰাকী বিশিষ্ট লোকে অংশগ্ৰহণ কৰে।

অনুষ্ঠানৰ শেষত সকলোকে ধন্যবাদ জনাই সংগঠনটোৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি নুৰুল হকে কয় যে অসমীয়া জাতিৰ আয়ুস ৰেখাস্বৰূপ বিহুৱে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত যুগ-যুগ ধৰি ঐক্য-সংহতি,ভাতৃত্ববোধ বৰ্তাই ৰখাত মুখ্য ভূমিকা পালন কৰি আহিছে। হকে লগতে আৰু কয় যে যেনেদৰে অসমৰ সৰু বৰ নদ-নদীসমূহৰ পানীৰে ভৰি পৰি লুইত চিৰ প্ৰবাহমান হৈ আছে, তেনেদৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠী একতাৰ ডোলেৰে বান্ধ খাই থাকিলেহে অসমীয়া জাতি সু-সংগঠিত ৰূপত জীয়াই থাকিব পাৰিব। সেয়েহে গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদে বিহুৰ জৰিয়তে ঐক্য-সংহতি গঢ় দিয়াৰ চেষ্টা কৰা বুলি উল্লেখ কৰে সভাপতি নুৰুল হকে।

অন্য খবৰৰ বাবে পঢ়ক : ৰাজ্যিক বাতৰি

Next Story
চাকৰি