Begin typing your search above and press return to search.

আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  18 Dec 2018 5:44 AM GMT

প্ৰত্যেকটো দিনৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ তাৎপৰ্য ৷ সেইয়া ইতিহাসৰ ক্ষেত্ৰতে হওঁক বা অন্য কাৰণতেই হওঁক ৷ চাও আহক আজিৰ দিনটোৰ বিশেষ কিছু তাৎপৰ্য ৷

আজি চেতনা দিৱস ৷ অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰীৰ প্ৰতি সন্মান জনাই আজিৰ পৰা ০২ জানুৱাৰীলৈ "অসমীয়া জাতীয় জীৱন সংগঠন পষেক" পালন কৰা হয় ৷

ৰাষ্টসংঘৰ উদ্যোগত আজি বিভিন্ন দেশত আন্তঃৰাষ্ট্ৰীয় অধিবাসী দিৱস পালন কৰা হয় ৷

বিশ্বৰ প্ৰথমটো দূৰ সংযোগ উপগ্ৰহ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ পৰা এটলাচ নামৰ ৰকেটৰ দ্বাৰা উৎক্ষেপন কৰা হয়,১৯৫৮ চনৰ আজিৰ দিনটোতে ৷

২০১৪ চনৰ আজিৰ দিনটোত ভাৰতী মহাকাশ গৱেষণা সংস্থা(ইছৰ’) য়ে নিজৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰক্ষেপন বাহন জি.এছ.এল.ভি ৰ পৰীক্ষামূলক উৰণ শ্ৰীহৰিকোটাৰ শতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ সফলতাৰে সমাপ্ত কৰে।

ভাৰতী মহাকাশ গৱেষণা সংস্থা (ইছৰ’)য়ে নিজৰ মহাকাশ যাত্ৰী কঢ়িয়াই নিব লগীয়া ম’দ্যুল (ইংৰাজীত কেয়াৰ) ৰ পৰীক্ষা সম্পন্ন কৰে ২০১৪ চনৰ আজিৰ দিনটোতে ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে বহু বিতৰ্কিত ভাৰতীয় ব্যৱসায়ী বিজয় মাল্যৰ জন্ম হৈছিল ।

প্ৰখ্যাত হলীউড চিত্ৰ নিৰ্মাতা ষ্টীভেন এলেন স্পিলবাৰ্গ ১৯৪৬ চনৰ আজিৰ দিনটোতে জন্মিছিল। তেওঁ জ্যুৰাছিক পাৰ্ক ছবিখনৰ বাবে বিখ্যাত ৷

১৯৩৬ চনৰ আজিৰ দিনটোতে অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্যৰ মৃত্যু হৈছিল ৷

২০১৩ চনৰ আজিৰ দিনটোতে "পৃথিৱীৰ মৰম"ৰ স্ৰষ্টা, সাহিত্যিক যতীন্দ্ৰ কুমাৰ বৰগোহাঞিৰ মৃত্যু হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি