Begin typing your search above and press return to search.

আজিৰ দিনটোৰ বিশেষ শিৰোনাম

আজিৰ দিনটোৰ বিশেষ শিৰোনাম

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 Oct 2018 1:24 PM GMT

ৰাষ্ট্ৰীয় একতা দিৱস

আজি ৰাষ্ট্ৰীয় একতা দিৱস। লৌহমানৱ চৰ্দাৰ বল্লভ ভাই পেটেলৰ আজি ১৪৩ সংখ্যক পবিত্ৰ জন্মজয়ন্তীত। তেখেতৰ পবিত্ৰ স্মৃতিত দেশৰ প্ৰতিটো প্ৰান্তত পালন কৰা হৈছে একতাৰ দৌৰ ।ৰাষ্ট্ৰীয় একতা দিৱসৰ দিনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰিলে বিশ্বৰ সবাতোকৈ ওখ প্ৰতিমূৰ্তি ‘ষ্টেছু অৱ ইউনিটি’ । লৌহ পুৰুষ চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৪৩সংখ্যক জন্মজয়ন্তীত ‘ষ্টেছু অৱ ইউনিটি’ বিশাল জনসভাৰ সন্মুখত ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে । গুজৰাটত নৰ্মদা নদীৰ ওপৰত স্থাপিত এই ‘ষ্টেছু অৱ ইউনিটি’ৰ উচ্চতা আমেৰিকাৰ ষ্টেছু অৱ লিবাৰ্টিতকৈ দুগুণ । প্ৰতিমূৰ্তিটোৰ উচ্চতা ১৮২ মিটাৰ । এই প্ৰতিমূৰ্তিটি নিৰ্মাণৰ বাবে প্ৰায় ৫ বছৰ সময় লয় আৰু নিৰ্মাণত সৰ্বমুঠ ২৯৮৯ কোটি টকা খৰছ হয় ।

ইন্দিৰা গান্ধী

আজি দেশৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ৩৪ সংখ্যক মৃত্যুতিথি । ১৯৮৪ চনত নিজ দেহৰক্ষীয়ে হত্যা কৰিছিল ইন্দিৰা গান্ধীক। ১৯৬৬ চনৰ পৰা ১৯৭৭ চনৰ মাজত তিনিবাৰকৈ দেশৰ প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ চম্ভালিছিল ইন্দিৰা গান্ধীয়ে। ১৯৮০ চনত পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছিল গান্ধী। দেশৰ মহিলা শক্তিৰ অনন্য নিদৰ্শন প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক আজি দেশবাসীয়ে সোঁৱৰিছে দেশৰ বিভিন্ন স্হানত।

সৰ্বানন্দ সোণোৱাল

আজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপজা দিন । আই এম ডি টি আইন বাতিলত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ ১৯৬১ চনত ডিব্ৰুগড়ৰ বিন্ধাকটা মুলুকগাঁৱত জন্মগ্ৰহণ কৰিছিল । ওপজা দিনত মুখ্যমন্ত্ৰীগৰাকীক বিভিন্ন জনৰ লগতে দ্যা চেন্টিনেল ডিজিটেলৰ তৰফৰ পৰাও জনাইছোঁ হিয়া ভৰা শুভেচ্ছা ।

Next Story
চাকৰি