আজিৰ পৰা আৰম্ভ হব ডকমকা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া

আজিৰ পৰা আৰম্ভ হব ডকমকা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া
Published on

গাৰ নোম শিয়ৰি উঠা ডকমকা হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া আজিৰ পৰা নগাওঁ সত্ৰ ন্যায়াধীশৰ আদালতত আৰাম্ভ হব। সমগ্ৰ দেশ কঁপাই যোৱা এই জঘণ্য ঘটনাত অভিজিত নাথ আৰু নিলোৎপল দাস নামৰ দুজন অসমীয়া যুৱকক নৃসংশভাবে হত্যা কৰা হৈছিল।এই ঘটনাটোত মুঠ ৪৮ জন অভিযুক্তক আটক কৰা হৈছিল। আটকাধীন ৪৮ জন অভিযুক্তৰ ভিতৰত এজন নাবালক। নাবালক অভিযুক্তজনৰ বিচাৰ প্ৰক্ৰিয়া জুভেনাইল আদালতত চলি আছে আৰু বাকী ৪৭ জন অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া নগাওঁ সত্ৰ ন্যায়াধীশ আদালতত চলি আছে। প্ৰথমতে দোষীৰ বিচাৰ প্ৰক্ৰিয়া ডিফু আদালতত আৰম্ভ হৈছিল কিন্তু ডিফু আদালতত বিচাৰ চলিলে দোষীয়ে উপযুক্ত শাস্তি নোপোৱাৰ আকংশাত সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াটো নগাওঁলৈ স্থানান্তৰিত কৰা হৈছিল।গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আদেশত অসম চৰকাৰে ডকমকা কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াটো ডিফুৰ পৰা নগাওঁ সত্ৰ ন্যায়াধীশৰ আদালতলৈ স্থানান্তৰিত কৰিছিল। উল্লেখ্য যে জঘন্য ঘটনাটোৰ ৭৫ দিন পিছত চেপ্তেম্বৰৰ ১ তাৰিখে অভিযুক্তৰ বিপক্ষে ৮৪৪ পৃষ্ঠাৰ চাৰ্জ চিট দাখিল কৰা হৈছিল।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com