আজিৰ পৰা দেশজুৰি ৰাজহুৱা খণ্ডৰ বেংকৰ ধৰ্মঘট: স্থবিৰ হব সমগ্ৰ দেশ

আজিৰ পৰা দেশজুৰি ৰাজহুৱা খণ্ডৰ বেংকৰ ধৰ্মঘট: স্থবিৰ হব সমগ্ৰ দেশ

আজিৰ পৰা পাচ দিনৰ বাবে বন্ধ থাকিব সমগ্ৰ দেশত ৰাজহুৱা খণ্ডৰ বেংকৰ সেৱা। সংশোধিত হাৰত বেতন বৃদ্ধিকে ধৰি বিভিন্ন দাবী সমূহ মানি লোৱাৰ বাবে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে ২১ ডিচেম্বৰত আৰু ইউনাইটেজ ফ'ৰাম অব বেংক ইউনিয়নছে অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনে কৰা দাবী সমূহৰ উপৰিও বিজয়া বেংক, দেনা বেংক আৰু বেংক অব বৰোদাৰ একত্ৰিকৰণৰ বিৰোধিতা কৰি ২৬ ডিচেম্বৰত সমগ্ৰ দেশজুৰি ধৰ্মঘটৰ আহ্বান জনাইছে। এই ধৰ্মঘটৰ বাবে সমগ্ৰ দেশৰ বেংক ব্যৱস্থা বন্ধ থাকিব। উল্লেখ্য যে দুয়োটা সংস্থাই জনোৱা দুদিনৰ এই ধৰ্মঘটৰ ফলত সৰ্বমুঠ পাচ দিনৰ বাবে বেংক সেৱা বন্ধ থাকিব। ২১ ডিচেম্বৰত ধৰ্মঘট থকাৰ পিছত ২২ আৰু ২৩ ডিচেম্বৰ ক্ৰমে দ্বিতীয় শনিবাৰ আৰু ৰবি বাৰ হব। এই সময়ছোৱাত কেবল মাত্ৰ ২৪ ডিচেম্বৰ সোমবাৰেহে বেংক খোলা থাকিব। ২৫ ডিচেম্বৰত আকৌ বৰদিন উপলক্ষে বেংক বন্ধ থাকিব। সকলোকে সামৰি ২১ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰৰ ভিতৰত মুঠ পাচ দিন বেংক সেৱা বন্ধ থাকিব। এই পাচ দিনত ৰাজহুৱা খণ্ডৰ বেংক সমূহৰ সেৱা সমগ্ৰ দেশ জুৰি বন্ধ থাকিব। ইউ এফ বি ইউ য়ে আৰু এ আই বি অ' চি য়ে ঘোষণা কৰা এই ধৰ্মঘট কাৰ্য্যসূচীৰ ফলত বেংকৰ গ্ৰাহক সমূহ যথেষ্ট অসুবিধাত পৰাটো নিশ্চিত হৈছে। ধৰ্মঘটৰ সময়ছোৱাত বেংকত ধনৰ লেনদেন আৰু অন্যান্য চেকৰ লেন-দেন সকলো কাম-কাজ বন্ধ হৈ পৰিব।এই সময়ছোৱাত দেশত এটিএম সেৱা সমূহো ব্যাহত হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। এনেহলে সাধাৰণ জনসাধাৰণ ধন সংগ্ৰহৰ ক্ষেত্ৰত আহুকালৰ সন্মুখিন হব।সাংবাদিকৰে হোৱা মতবিনিময়ত উত্তৰ-পূৱ মণ্ডলৰ উপ-সভাপতি পৰমেশ দসে কয় যে পিল্লাই কমিটিৰ পৰামৰ্শ কাৰ্য্যকৰীকৰণ, সংশোধিত দৰমহাৰ একাদশ দ্বিপাক্ষিক আলোচলা বিনাচৰ্তে মানি লোৱা, পৰিয়াল পেন্সনৰ পৰিমাণ বৃদ্ধি কৰা, এল আই চি-জি আই চি আদিৰ দৰে থাৰ্ড পাৰ্টীৰ সামগ্ৰী বিক্ৰীৰ বিৰোধিতা আদি বিভিন্ন দাবীৰ প্ৰসংগত আই বি অ' চিয়ে ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰিছে। দেশজুৰি আহ্বান জনোৱা বেংকৰ ধৰ্মঘটত দেশৰ সকলো ৰাজহুৱা খণ্ডৰ বেংকৰ বিষয়া-কৰ্মচাৰীয়ে সমৰ্থন জনাইছে। অসমতো অল ইণ্ডিয়া বেংক অফিচাৰ্ছ কনফেডাৰেচনৰ অসম গোটে সকলো বোৰ মুখ্য কেন্দ্ৰত ধৰ্মঘট পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা কৰিছে। দেশৰ ৰাজহুৱা খণ্ডৰ বেংক সমূহৰ চৰকাৰৰ বিৰুদ্ধে ক্ৰমাগত ভাবে বৃদ্ধি হোৱা অসন্তুষ্ট ভাব ধাৰাৰ পৰিণতিতে এই ধৰ্মঘট কাৰ্য্যসূচী গ্ৰহণ কৰা হৈছে বুলি সাধাৰণ জনসাধাৰণে বুজি পাইছে।দেশৰ ৰাইজে আগন্তুক পাচ দিনৰ বাবে বেংকখণ্ডৰ চাৰ্জিকেল ষ্ট্ৰাইকৰ বাবে সাজু থাকিব লাগিব, এই সময়ছোৱাত নাটনি হব পাৰে নগদ ধনৰ, চেক সেৱাৰ আনকি অনলাইন বেংকিঙ সেৱাও ব্যাহত হব পাৰে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com