দুদিন ধৰি গুৱাহাটীৰ লাচিত নগৰ,গুৱাহাটী ক্লাব,গান্ধীবস্তী,ৰাজগড়,শৰনীয়া আদি অঞ্চলৰ পানীৰ অভাৱত ভুগা ৰাইজৰ বাবে সুখবৰ।আজি গুৱাহাটী পৌৰসভাই ঘোষনা কৰিছে যে পাইপলাইনৰ কাম সম্পূৰ্ণ হৈছে আৰু আজিৰ পৰা ৰাইজে পানী লাভ কৰিব।গুৱাহাটী ক্লাবত পথ মেৰামতি কৰোতে পাইপ ফুটাৰ লগতে প্ৰায় ২ লাখ লিটাৰ পানী নষ্ট হয়।শৰনীয়া পানী টেংকীত পানী জমা কৰি বিভিন্ন অঞ্চললৈ যোগান ধৰা হব।পৌৰসভাৰ ঘোষনাত ভুক্তভুগী ৰাইজে আনন্দ প্ৰকাশ কৰিছে।
Begin typing your search above and press return to search.