
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত বহু প্ৰতিক্ষিত এদিনীয়া ক্ৰিকেট খেলখনৰ বাবে মাজত মাত্ৰ পাঁচটা দিন । ২১ অক্টোবৰত হবলগীয়া ভাৰত-ৱেষ্ট ইণ্ডিজৰ এদিনীয়া ক্ৰিকেট মেচ খনত অংশ লবলৈ আজি উপস্থিত হব খেলুৱৈ সকল।হায়দৰাবাদৰ পৰা বিশেষ বিমানেৰে দুয়োটা দল আহিব বুলি জানিব পৰা গৈছে । দুয়োটা দলৰ বাবে জেড পৰ্যায়ৰ নিৰাপত্তা ব্যৱস্থা কৰা হৈছে । ১৭ অক্টোবৰত উপস্থিত হব অধিনায়ক বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া ।
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খেলখনত ধাৰাভাষ্যকাৰ হিচাপে আহিব সুনীল গাভাস্কাৰ আৰু কপিল দেৱ। খেলখনত দৰ্শকৰ ৰূপত থাকিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী , সঞ্জয় মাঞ্জেকাৰ আৰু বীৰেন্দ্ৰ ছেহৱাগ । ২১ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে সকলো প্ৰকাৰৰ প্ৰস্তুতি দ্ৰুতগতিত আগবঢ়াইছে অসম ক্ৰিকেট সন্থাই । উল্লেখ্য যে, বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া খেলখনক লৈ ক্ৰিকেট প্ৰেমী সকল ক্ৰিকেট জ্বৰত ভূগা পৰিলক্ষিত হৈছে।