আজি দেশত চতুৰ্থ পৰ্যায় নিৰ্বাচন: ৭২ টা লোকসভা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণ

আজি দেশত চতুৰ্থ পৰ্যায় নিৰ্বাচন: ৭২ টা লোকসভা সমষ্টিত অনুষ্ঠিত ভোট গ্ৰহণ
Published on: 

আজি দেশত চতুৰ্থ পৰ্যায়ত লোকসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । দেশৰ ৯ খন ৰাজ্যৰ ৭২ টা লোকসভা সমষ্টিত পুৱাৰে পৰা অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচন। আজি অনুষ্ঠিত হৈ থকা লোকসভা সমষ্টি কেইবাটাৰ অধিক অংশয়ে বিজেপিৰ অধিকত আছে। বিজেপি আৰু বিজেপিৰ মিত্ৰজোট চৰকাৰে ২০১৪ চনৰ লোকসভা নিৰ্বাচনত ৫৬ খন আসন দখল কৰিছিল । মাত্ৰ ২ খন আসন কংগ্ৰেছে আৰু বাকী সমূহ তৃণমূল কংগ্ৰেছ আৰু বিজু জনতা দলৰ লগতে অন্যান্য দল সমুহে দখল কৰিছিল ।

আজি ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ ১৩ খন আসন, বিহাৰত ৫ খন আসন, পশ্চিম বংগৰ ৮ খন, ঝাৰখণ্ডৰ ৩ খন, মধ্য প্ৰদেশৰ ৬ খন , মহাৰাষ্ট্ৰৰ ১৭ টা সমষ্টিত আৰু উৰিষ্যাৰ ৬ টা সমষ্টিত ১২.৭৯ কোটি ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।

জম্বু কাশ্মীৰৰ অনান্তনাগ সমষ্টিত পুনৰ ভোট গ্ৰহণ অনুষ্ঠিত হব । ২০১৪ চনত বিজেপিয়ে ৪৫ খন আসন অকলেই দখল কৰিবলৈ সক্ষম হৈছিল। লোকসভা নিৰ্বাচনত ৰাজস্থানৰ ১৩ খন আসন , উত্তৰ প্ৰদেশৰ ১২ খন, মধ্য প্ৰদেশৰ ৫ খন আসন, বিহাৰৰ ৩ খন, ঝাৰখণ্ডৰ ৩ খন, মহাৰাষ্ট্ৰৰ ৮ খন আৰু পশ্চিম বংগৰ ১ খন আসন দখল কৰিবলৈ সক্ষম হৈছিল ।

আজি অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ অন্তিম দিন আছিল শনিবাৰে। আজি অনুষ্ঠিত হোৱা চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত কেইবা গৰাকিও শক্তিশালী প্ৰাৰ্থী আছে। তিনিজন কেন্দ্ৰীয় মন্ত্ৰী পশ্চিম বংগৰ বাবুল সুপ্ৰিয় , বিহাৰৰ গিৰিৰাজ সিঙ, পশ্চিম বংগৰ এচ এচ আলোৱালি, কানহায়া কুমাৰ ।

১৯ মেত লোকসভা নিৰ্বাচন সমাপ্ত হব । ২৩ মেত ফলাফল ঘোষণা কৰা হব ।

অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com