আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰীশ্ৰী লক্ষ্মী পূজা

আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা । ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি পূজিত হ’ব ৰাজ্যৰ আকাশ-বতাহ । আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিব ভক্তপ্ৰাণ ৰাইজে । ৰাজ্যৰ চৌপাশে প্ৰতিবছৰৰ দৰে এইবাৰো চলিছে লক্ষ্মী পূজাৰ পৰম্পৰাগত আয়োজন । পথাৰৰ ন-ধানৰ সোণগুটি ভঁৰালত প্ৰতিষ্ঠা কৰি প্ৰতিজন কৃষকে কামনা কৰিছে খেতিৰ শ্ৰীবৃদ্ধি। ভঁৰাল ঘৰত চাকি-বন্তি জ্বলাই চহা অসমীয়াই আদৰিৱ আই লক্ষ্মীক। বিভিন্ন অঞ্চলত নাম-প্ৰসংগ কৰিও কৃষকৰ ভঁৰাল চহকী কৰাৰ মানসেৰে কৃষক সমাজে সেৱা প্ৰাৰ্থনা কৰিছে। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত।
চিৰাং জিলা বিজনীত এই বেলিও ৰজা বিজিত নাৰায়ণ সমন্বয় ক্ষেত্ৰত অহা বুধবাৰৰ পৰা আৰম্ভ হ’ব ৰজাদিনীয়া শ্ৰী শ্ৰী লক্ষ্মীপূজা আৰু মেলা । সমগ্ৰ বিজনী চহৰ ব্যাপী অনুষ্ঠিত হবলগীয়া এই পূজা আৰু মেলাক কেন্দ্ৰ কৰি এক উখল মাখল পৰিবেশে বিৰাজ কৰিছে । তাহানিৰ বিজনীৰ ৰজা বিজিত নাৰায়ণে প্ৰতিষ্ঠা কৰা বিজনী ৰাজ ষ্টেটত তেঁওৰ ৰাজবংশৰ পৰৱৰ্তী ৰজাৰ পৃষ্ঠপোষকতাত বিজনীত এই লক্ষ্মীপূজা আৰু মেলাৰ শুভাৰম্ভ হয়৷ বিগত বছৰৰ দৰে এইবেলি ১২৭ সংখ্যক পূজা আৰু মেলাত আৰম্ভ হব।আৰু বিভিন্ন আনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে অসম, পশ্চিম বংগ , বিহাৰ , উত্তৰ প্ৰদেশ( ইউ পি) আদিকে ধৰি বিভিন্ন স্হানৰ বিপনীয়ে অংশ গ্ৰহন কৰাৰ লগতে ৫খন বাণিজ্যমেলা লগতে মিনাবজাৰ২খন ভ্ৰামমান থিয়েটাৰ ৪খন ,চাৰ্কাচ ১খন ঐতিহাসিক লক্ষ্মীপূজা মেলাত অংশ গ্ৰহন কৰিব বুলি সংবাদ মাধ্যমৰ আগত জনায় বিজনী লক্ষ্মীপূজা কমিটিৰ কাৰ্য্যকৰী সভাপতি ভৱেন চন্দ্ৰ বৰ্মণয়ে ।
নলবাৰীতো তুংগত উঠিছে লক্ষ্মী পূজাৰ প্ৰস্তুতি। জিলাখনৰ পকোৱাটো ৪ দিনীয়া কাৰ্য্যসূচীৰে আজিৰে পৰা আৰম্ভ হ'ব লক্ষ্মী পূজা । নামনি অসমৰ অন্যতম নাগাৰাৰ নাম,ভ্ৰাম্যমান থিয়টাৰৰ লগতে বিভিন্ন কাৰ্য্যসূচী ৰূপায়ন কৰা হৱ লক্ষ্মী পূজা মহোৎসৱখনত । প্ৰায় ৭ লাখ টকা বাজেট নিৰ্ধাৰন কৰিছে উদ্যোক্তাই। শান্তি সম্প্ৰতিৰ লগতে ভাতৃত্ববোধৰে এইবাৰ ৫৮ সংখ্যক লক্ষ্মী পূজা মহোৎসৱটি অনুষ্ঠিত কৰা হৱ পকোৱাত ।ৰাজ্যৰ বিভিন্ন প্ৰান্তত লক্ষ্মী পূজাৰ পাৰভগা উচাহ । প্ৰতিটো কৃষক পৰিয়ালৰ ঘৰত লক্ষ্মী পূজাৰ ভক্তি ভৰা আয়োজন । ভঁৰালত চাকি বন্তি জ্বলাই দেৱী লক্ষ্মীক আদৰাৰ প্ৰস্তুতি প্ৰতিটো কৃষক পৰিয়ালৰ । নাম প্ৰসঙ্গৰে দেৱীক আৰাধনা কৰি ভঁৰাল ভৰি পৰাৰ কামনা কৰিছে সকলোৱে।