Begin typing your search above and press return to search.

আজি পবিত্ৰ বৰদিন

আজি পবিত্ৰ বৰদিন

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Dec 2018 9:08 AM GMT

আজি পবিত্ৰ বৰদিন। সমগ্ৰ বিশ্বৰ লগতে অসমৰো খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক সকলৰ মাজত আজি বৰদিন উপলক্ষে ব্যাপক উৎসাহ উদ্দীপনাৰ সৃষ্টি হৈছে।মহানগৰীৰ দোকান-পোহাৰবোৰ বৰদিনৰ বহু আগৰ পৰাই বিভিন্ন ৰং-বিৰঙৰ সামগ্ৰীৰে সজাই পৰাই ৰখা হৈছে। আটক ধূনীয়া বিভিন্ন উপহাৰ সামগ্ৰীৰে সজাই তোলা দোকান বোৰ ৰাতিৰ বিজুলী বাতিৰ পোহৰৰ লগত আৰু উজ্বল হৈ পৰে। মহানগৰীৰ লগতে ৰাজ্যখনৰ বিভিন্ন

প্ৰান্তত থকা গীৰ্জাবোৰত ইতিমধ্যে প্ৰাক বৰদিন প্ৰাৰ্থনা সভা অনুষ্ঠিত কৰা হৈছে। গুৱাহাটীৰ পানবজাৰত থকা খ্ৰীষ্ট চাৰ্চ, ব্যাপ্টিষ্ট চাৰ্চ, দিছপুৰ ব্যাপ্টিষ্ট চাৰ্চ,কাহীলিপাৰা, চান্দমাৰী, খানাপাৰা আদিত থকা গীৰ্জা সমূহ আটক ধূনীয়াকৈ সজাই পৰাই তোলা হৈছে।

নানা ৰঙী পোহৰেৰে গীৰ্জা সমূহত এক সুন্দৰ বৰদিনৰ পৰিবেশে বিৰাজ কৰিছে। গুৱাহাটী মহানগৰীৰ উপৰিও ৰাজ্যৰ উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাত থকা গীৰ্জা সমূহ সজাই পৰাই তোলা হৈছে। আজি ৰাতিপুৱাৰ পৰাই খ্ৰীষ্টান ধৰ্মালম্বী লোক সকলে ফুল আৰু মমবাতিৰে গীৰ্জা সমূহত ভগৱান যীশুৰ পৰা আশীৰ্বাদ বিছাৰি ভিৰ কৰিছে। অসমৰ ৰাজ্যপাল জগদীশ মুখীয়ে এক প্ৰেছ বিজ্ঞপ্তিৰে অসমবাসী ৰাইজক বৰদিনৰ শুভেচ্ছা জ্ঞাপন

কৰিছে। ৰাজভৱনৰ পৰা প্ৰেৰণ কৰা এই শুভেচ্ছা বাৰ্তাত ৰাজ্যপাল মুখীয়ে বৰদিনৰ শুভ ক্ষণে ৰাজ্যত ভাতৃত্ববোধ বৃদ্ধি কৰিব বুলি মন্তব্য কৰে।

বিভিন্ন জনে জনালে বৰদিনৰ শুভেচ্ছা:

অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বৰদিন উপলক্ষে অসমৰ সকলো খ্ৰীষ্টান ধৰ্মালম্বী লোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বৰদিনে ৰাজ্যত শান্তি-সম্প্ৰিতি বৃদ্ধি কৰিব বুলি আশা কৰে।মূখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ সকলো ধৰ্মৰ লোককে ভাতৃত্ববোধেৰে সমাজত বাস কৰি অসমৰ স্বকীয়তা আৰু একতা বৃদ্ধি কৰিব বুলি কয়। অসমৰ পৰিবহন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়েও অসমৰ সমূহ খ্ৰীষ্টান ধৰ্মালম্বী লোকক বৰদিনৰ ওলগ জনাইছে। পাটোৱাৰীয়ে বৰদিনত সকলো লোকক ওলাই আহি শান্তি আৰু সম্প্ৰিতিৰে উৎসৱ পালন কৰিবলৈ কয়। ৰাজনৈতিক নেতা সকলৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সম্পাদক লুৰিণ জ্যোতি গগৈয়ে অসমৰ

সকলো প্ৰান্তৰ লোকক পবিত্ৰ বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই খ্ৰীষ্টান ধৰ্মালম্বী লোক সকললৈ বৰদিন উপলক্ষে হিয়াভৰা ওলগ জনাইছে।অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু দেৱব্ৰত শইকীয়াইও অসম বাসী ৰাইজক বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে। আজি নিশালৈ ৰাজ্যৰ গীৰ্জা সমূহত অধিক লোকৰ সমাগম হব বুলি ধাৰণা কৰা

হৈছে।নিশালৈ বিভিন্ন সাংস্কৃতিক কাৰ্য্যসূচীৰো আয়োজন কৰা হৈছে ঠায়ে ঠায়ে। আৰক্ষী প্ৰশাসনে বৰদিনৰ সময়ত যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰবাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। অসমৰ লগতে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু খ্ৰীষ্টান ধৰ্মী লোকৰ প্ৰাধান্য থকা মিজোৰামত পৰিত্ৰ বৰদিন উপলক্ষে ব্যাপক উৎসাহৰ সৃষ্টি হৈছে।

অধিক খবৰৰ বাবে পঢ়ক শীৰ্ষ বাতৰি

Next Story
চাকৰি