আজি প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ: ভোটদান সাব্যস্ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

আজি ৫ টা লোকসভা সমষ্টিত প্ৰথম পৰ্যায় ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । তেজপুৰ, কলিয়াবৰ, লক্ষিমপুৰ, যোৰহাট আৰু ডিব্ৰুগড় লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ।
৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ। ৫ টা লোকসভা সমষ্টিত ৪১ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্নয় হব ।
ডিব্ৰুগড়ৰ ১৫৮ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আজি ভোট দান সাব্যস্ত কৰে। ভোটাধিকাৰ সাব্যস্ত কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে দেশৰ উন্নয়ন, শান্তি আৰু নিৰাপত্তাৰ বাবে জনসাধাৰণে ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ বাৰ ক্ষমতালৈ আনিবলৈ ভোট দান কৰিব বুলি প্ৰকাশ কৰিছে । নৰেন্দ্ৰ মোদীক দ্বিতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ অসমৰ ৰাইজে বিজেপিক ভোট দিব বুলি প্ৰকাশ কৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ উন্নয়নৰ বাবে যথেষ্ট কাম কৰিছে বুলি প্ৰকাশ কৰে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পুনৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰিবলৈ বিজেপিক ভোটদান কৰি জয়যুক্ত কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।
বটদ্ৰৱাৰ বিধায়িকা হিচাপে নিৰ্বাচিত হোৱাৰ পাছত প্ৰথম বাৰৰ বাবে ভোটদান সাব্যস্ত কৰিলে বিধায়িকা আঙুৰলতা ডেকাই । কলিয়াবৰ সমষ্টিৰ ১৪৯ নং কপাহেৰা উচ্চ মাধ্যমিক বিদ্যালয়ত ভোট দান কৰে আঙুৰলতা ডেকাই । ভোটাধিকাৰ সাব্যস্ত কৰি আঙুৰলতা ডেকাই প্ৰকাশ কৰে যে "প্ৰথমবাৰৰ বাবে বটদ্ৰৱাৰ বিধায়িকা হিচাপে ভোট দান কৰি গৌৰব অনুভব কৰিছো" । লগতে আঙুৰলতা ডেকাই আজি ৫ টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত সকলোকে ভোট দান সাব্যস্ত কৰি ১০০% ভোটাৰ হাৰ কৰি গনতন্ত্ৰক অধিক শক্তিশালী কৰিবলৈ আহ্বান জনাইছে বিধায়িকা গৰাকীয়ে।
কলিয়াবৰ লোকসভা সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মনি মাধৱ মহন্তয়ে ভোট দান সাব্যস্ত কৰে ।তেলীয়া গাঁৱৰ ৪৪নং ভোটকেন্দ্ৰত ভোটদান কৰিলে মিত্ৰজোঁটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তই।
তেজপুৰ, কলিয়াবৰ, যোৰহাট, লক্ষিমপুৰ আৰু ডিব্ৰুগড়ত ৭৬,০৩,৪৫৮ ভোটাৰ আছে। ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ১৮০ নিৰাপত্তা কোম্পানী নিয়োগ কৰিছে ৰাজ্যত । প্ৰথম পৰ্যায়ত ৪০ টা অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে ৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ।
অন্য খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি