আজি ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ অনুষ্ঠিত হৈছে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে ভোট গ্ৰহণ । আজি ৰাজ্যৰ ৫ টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ । তেজপুৰ, কলিয়াবৰ, যোৰহাট, ডিব্ৰুগড়, লক্ষিমপুৰ লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে ভোট গ্ৰহণ ।
এই ৫ টা লোকসভা সমষ্টিত দিনৰ ১১ বজালৈকে ভোটৰ হাৰ হৈছে ২৪%। দিনৰ ১১ বজালৈকে তেজপুৰত ভোটৰ হাৰ ২৮ শতাংশ ভোটৰ হাৰ । কলিয়াবৰত ভোটৰ হাৰ ২৬ শতাংশ । যোৰহাটত ১১ বজালৈকে ভোটৰ হাৰ ২৫% । ডিব্ৰুগড়ত ২৪ শতাংশ আৰু লক্ষিমপুৰত ২২ শতাংশ ভোটৰ হাৰ।
৫ টা লোকসভা সমষ্টিত ৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰ আছে ।তেজপুৰ, কলিয়াবৰ, যোৰহাট, লক্ষিমপুৰ আৰু ডিব্ৰুগড়ত ৭৬,০৩,৪৫৮ ভোটাৰ আছে।
ভাৰতীয় নিৰ্বাচনী আয়োগে নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ ১৮০ নিৰাপত্তা কোম্পানী নিয়োগ কৰিছে ৰাজ্যত । প্ৰথম পৰ্যায়ত ৪০ টা অৰ্ধসামৰিক বাহিনী নিয়োগ কৰা হৈছে ৯৫৭৪ টা ভোট গ্ৰহণ কেন্দ্ৰত ।
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি