আজি প্ৰাক্তন প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী জন্মদিন: দেশ বাসীয়ে সুঁৱৰিছে প্ৰধানমন্ত্ৰী বাজপেয়ীক

স্বাধীন ভাৰতৰ দশম তথা ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত অটল বিহাৰী বাজপেয়ীৰ আজি জন্মদিন ৷ প্ৰয়াত প্ৰধানমন্ত্ৰী জনৰ জন্মদিন উপলক্ষে আজি সমগ্ৰ দেশেই শ্ৰদ্ধাৰে সুঁৱৰিছে ৷ ১৯২৪ চনৰ ২৫ ডিচেম্বৰত মধ্যপ্ৰদেশত জন্ম হৈছিল প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী প্ৰয়াত ৷ মুঠ তিনিবাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত বাজপেয়ীয়ে ৷সৰ্বপ্ৰথমে ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ কাৰণে (১৬ মে’ ১৯৯৬-১ জুন ১৯৯৬),১৯৯৮-১৯৯৯ চনত ১৩ মাহৰ বাবে(১৯ মাৰ্চ ১৯৯৮,দ্বাদশ লোকসভা) আৰু চূড়ান্তভাৱে ১৯৯৯ চনৰ পৰা ২০০৪ (ত্ৰয়োদশ লোকসভা -২২ মে’ ২০০৪) চনলৈ মুঠ ৫ বছৰকাল প্ৰধানমন্ত্ৰী হিছাপে কাৰ্যনিৰ্বাহ কৰিছিল বাজপেয়ীয়ে ৷
এই গৰাকী মহান মনিষীৰ চলিত বৰ্ষৰে ১৬ আগষ্টত বিয়লি প্ৰায় ৫.০৫ মিনিটত দিল্লীৰ এইমছত(অখিল ভাৰতীয় আয়ুবিজ্ঞান সংস্থান,নতুন দিল্লী) ইহলীলা সম্বৰণ কৰে ৷ অন্যহাতে, সোমবাৰে অটল বিহাৰী বাজপেয়ীৰ ছবি সম্বলিত ১০০ টকাৰ নতুন মুদ্ৰা প্ৰচলন কৰে ভাৰত চৰকাৰে ৷ইফালে প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ী ৯৪ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় চৰকাৰে আজি এক অনুষ্ঠান আয়োজন কৰিছে ৷ এই অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় স্মৃতি স্থল ৰাজঘাট স্থিত "সদেৱ অটল"নামৰ এখন স্মাৰকৰ উদঘাটন কৰা হয়। এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপৰিও ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দ,উপৰাষ্ট্ৰপতি ভেংকয়া নাইডু,প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং,লালকৃষ্ণ আদৱানি,অমিত শ্বাহৰ লগতে অন্যান্য কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত থাকে ।
লগতে প্ৰায় ডেৰ একৰ ভূমিত নিৰ্মিত "সদেৱ স্মাৰক"সমাধি স্থলত এজোপা গছো সম্প্ৰতি কটা নাই ৷ পদুম ফুলৰ আকাৰত এটা পাথৰ কটা হৈছে ৷ লগতে দেশৰ বিভিন্ন ক্ষেত্ৰৰ পৰা অনা বিভিন্ন শিলেৰে নিৰ্মাণ কৰা হৈছে সমাধি ক্ষেত্ৰ । কাৰণ প্ৰত্যেক দিনাই দেশক একতাৰ ডোলৰে বান্ধিবলৈ যত্ন কৰিছিল অটল বিহাৰী বাজপেয়ীয়ে ৷ বিভিন্ন আলোকেৰে দেখাত অত্যন্ত মনোমোহা হৈছে প্ৰয়াত প্ৰমানমন্ত্ৰীজনৰ সমাধিস্থল ৷ উল্লেখ্য যে,সমাধিস্থলৰ দীৱাৰসমূহ প্ৰয়াত প্ৰধানমন্ত্ৰীজনৰ কবিতা লিখা আছে ৷ এই সমুহ নিৰ্মাণ কৰিবৰ কাৰণে প্ৰায় ১১ কোটি টকা ব্যয় হৈছে ৷ ইফালে,প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত বিভিন্ন জনে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে ৷
ইয়াৰ লগতে ভজন গায়ক পংকজ ওধাসে প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীৰ "কদম মিলাকৰ চলনা হোগা" কবিতাটি পৰিবেশন কৰে ৷ স্মাৰকখনত বাজপেয়ীক মানৱতাবাদী,কবিৰ লগতে এজন ৰাজনেতা হিছাপে উপস্থাপন কৰিছে ৷ প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আছিল একাধাৰে ৰাজনীতিজ্ঞ,জননেতা কবি ৷ এগৰাকী জনতাৰ নেতা হিচাপে প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী সদায় নিজৰ ৰাজনীতিত বিশ্বাসী ৷ চাৰি দশকতকৈও অধিক সময় কাৰ্যনিৰ্বাহ কৰা এগৰাকী জেষ্ঠ্য সাংসদ হিচাপে প্ৰয়াত বাজপেয়ীয়ে ৯ বাৰ লোকসভালৈ আৰু দুবাৰকৈ ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাতো এক অভিলেখ ৷ ছাত্ৰৱস্থাতে প্ৰয়াত বাজপেয়ী ৰাষ্ট্ৰীয় ৰাজনীতিত প্ৰথম ভূমিকা আছিল ৷
১৯৪২ চনত বাজপেয়ীয়ে ভাৰত ত্যাগ আন্দোলনত যোগদান কৰে ৷এই আন্দোলনে ভাৰতত ব্ৰিটিছ ঔপনিবেশৰ অৱসান ঘটায়। ৰাজনীতি বিজ্ঞান আৰু আইনৰ এগৰাকী ছাত্ৰ হিছাপে কলেজত থাকোতেই প্ৰয়াত প্ৰধানমন্ত্ৰীজনে বৈদেশিক পৰিক্ৰমা বিভাগৰ উন্নয়নত আগ্ৰহী আছিল। সেই আগ্ৰহেই পৰৱৰ্তী বছৰবোৰত তেখেতক সমৃদ্ধ কৰে ৷লগতে বিভিন্ন বহুপাক্ষিক তথা দ্বিপাক্ষিক আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ সময়ত সেই দক্ষতাই উপকৃত কৰে প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীক ৷ভাৰতৰ প্ৰতি থকা নিঃস্বাৰ্থ ত্যাগ আৰু অৰ্দ্ধ শতিকাতকৈও অধিক সময় সমাজ আৰু ৰাষ্ট্ৰৰ প্ৰতি সেৱা আগবঢ়োৱাৰ কাৰণে তেখেতক ভাৰত দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বিভূষণেৰে সন্মানিত কৰা হয়। ১৯৯৪ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ীক "শ্ৰেষ্ঠ সাংসদ" হিচাপে স্বীকৃতি লাভ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি