Begin typing your search above and press return to search.

আজি পৱিত্ৰ মহালয়া : শৰতৰ শুভ্ৰ বলুকাৰে ধৰালৈ আগমন দেৱী দুৰ্গাৰ

আজি পৱিত্ৰ মহালয়া : শৰতৰ শুভ্ৰ বলুকাৰে ধৰালৈ আগমন দেৱী দুৰ্গাৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  8 Oct 2018 8:41 AM GMT

অাজি পৱিত্ৰ মহালয়া । মহালয়াই ধৰণীলৈ বোৱাই অানিলে শাৰদীয় দুৰ্গোৎসৱক । বৰ্তমান সময়ত সৰ্বতে মা দুৰ্গাক অাদৰাৰ ব্যাপক প্ৰস্তুতি। সকলোৰে মাজত অানন্দ উৎসাহ উদ্দিপনা । সেই সময়তে অাজি মহালয়াই পৃথিৱীলৈ শুভ অাগমন জনালে মা দুৰ্গাক । শৰতৰ ভাল লগা দিনবোৰ যেন দুৱাৰদলিত। স্মৃতি ৰহঘৰত আকৌ সৃষ্টি হ’ব এটি নতুন গানৰ।

শৰৎ এক নাম মিঠা আলোড়নৰ। গ্ৰীষ্মৰ উত্তাপ আঁতৰাই কাতিৰ মিঠা পৰশ সানিবলৈ শৰতৰ আগমন।শৰৎ আৰু শেৱালীৰ দুয়োৰ যেন এক মধুৰ সম্পৰ্ক। শৰতৰ আগমনত সকলোৰে মন মতলীয়া। আনন্দত সকলো আপোন পাহৰা। সৃষ্টিত এক নতুন উদ্যম দি এক অস্মৰণীয় ক্ষণ। শাৰদী ৰাণীক আদৰিবলৈ সকলো সাজু হৈছে ।

মহালয়াৰ উপলক্ষ্যে আজি গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চলত অতি উলহ-মালহেৰে পালন কৰিছে ।আজি মহালয়া । দুৰ্গা পূজালৈ মাজত বাকী আৰু কেইটামান দিন। সোমবাৰৰে পৰা আৰম্ভ হৈছে দেৱী পক্ষ। পিতৃ পক্ষৰ পাচত আৰম্ভ হোৱা দেৱী পক্ষত পূৰ্বপুৰুষ সকলৰ পিণ্ড দান কৰিবলৈ মহানগৰীৰ পাণ্ডুৰ ব্ৰহ্মপুত্ৰৰ পাৰত সমাগম ঘটিছে হাজাৰ হাজাৰ লোকৰ । লোকে লোকাৰণ্য হৈ পৰিছে সমগ্ৰ অঞ্চল। পদপথৰ কাষৰ মিঠাইৰ দোকান সমূহতো পৰিলক্ষিত হৈছে গ্ৰাহকৰ ব্যাপক ভিৰ ।

অপেক্ষাৰ অন্তত আজি পুৱা তেজপুৰত এক নান্দনিক পৰিবেশ সৃষ্টি হয় । মহিলা সকলে বিভিন্ন দুৰ্গা দেৱীৰ মংগলা চৰণ গায় তেজপুৰৰ ৰাজপথত এক সুন্দৰ আনন্দ পৰিবেশ সৃষ্টি হয়। দুৰ্গতিনাশিনী দেৱী দুৰ্গা মৰতলৈ নামি আহিছে মহালয়াৰ দিনটোতে৷ মহালয়া উপলক্ষে পুৱাৰে পৰা তেজপুৰত অসংখ্য লোক ওলাই আহিছে ৰাজপথলৈ৷ তেজপুৰৰ মধ্যপাৰা সাৰ্বজনীন দুৰ্গা পূজা কমিটিৰ উদ্যোগত প্ৰতিবছৰৰ দৰে এইবেলিও মহালয়া উপলক্ষে সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰা হয়৷নগাঁৱৰ ঐতিহ্যমন্দিত সোনাইপাৰ গৌৰিনাথ শিৱমন্দিৰত সমুহ ভক্তপ্ৰান ৰাইজে পুৱা সোনাই নৈৰ দুয়োপাৰে ৰাজপথত পুৰুষ মহিলা সকলোৱে প্ৰাত:ভ্ৰমন কৰাৰ পাছতে মহালয়াৰ পাৰ্ৱন শ্ৰাদ্ধ প্ৰাকক্ষণত তৰ্পন কাৰ্য্যসূচী সম্পন্ন হয়।

Next Story
চাকৰি