Begin typing your search above and press return to search.

আজি মুকলি হ’ল বলীউডৰ দে দে প্যাৰ দে ছবিৰ ট্ৰেইলৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

আজি মুকলি হ’ল বলীউডৰ দে দে প্যাৰ দে ছবিৰ ট্ৰেইলৰঃ উৎসুক চলচ্চিত্ৰ প্ৰেমী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 April 2019 12:37 PM GMT

আজি বলীউডৰ সিংঘম অজয় দেৱগনৰ ৫০ সংখ্যক জন্ম দিন। গতিকে জন্ম দিনৰ বহুত শুভেচ্ছা অভিনেতা গৰাকীলৈ ৷ অভিনেতাগৰাকী জন্ম দিনত অজয় দেৱগন,টাবু আৰু ৰকুল প্ৰীত সিঙৰ অভিনয়েৰে নিৰ্মাণ কৰা ছবি দে দে প্যাৰ দে ছবিখনৰ ট্ৰেইলৰ মুকলি কৰিছে ৷ ইফালে ছবিখনৰ ট্ৰেইলাৰটো ইতিমধ্যে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ৷ ছবিখনত ৫০ বছৰীয়া এজন পুৰুষ জীয়েকৰ বয়সৰ এগৰাকী যুৱতীৰ হোৱা প্ৰেমৰ সম্পৰ্ক দেখুওৱা হৈছে ৷

লগতে ট্ৰেইলৰটোত সকলোৰে হাস্য মধুৰ সংলাপসমূহে আকৃষ্ট কৰিব চলচ্চিত্ৰ প্ৰেমীক ৷ ইফালে ছবিখনত অজয় দেৱগন,টাবু,ৰকুল প্ৰীত সিঙৰ উপৰিও অভিনয় কৰিছে আলোক নাথ,জাভেদ জাফৰী,জিমী শ্বৰগিলে। অন্যহাতে সমগ্ৰ বলীউড কঁপাই যোৱা মী টুৰ অভিযোগত অভিযুক্ত আলোক নাথৰ সন্দৰ্ভত অজয় দেৱগনে কয় যে এইয়া উচিত সময় নহয় ৷

বলীউডৰ ভাইজান ছলমান খানে শেহতীয়াকৈ দাবাং ৩ ৰ দৃশ্যগ্ৰহণ স্থলীৰ পৰা এখন আলোকচিত্ৰ ছ’চিয়েল মিডিয়াৰ যোগেদি অনুৰাগীসকললৈ আগৱঢ়াইছে ৷ এক তথ্য অনুসৰি,ছবিখনত প্ৰথমতে লাইভ টাইটেল ট্ৰেক এটা দৃশ্যগ্ৰহণ কৰিব ৷ আৰুহ ইয়াত ৫০০ জনমান নৃত্যশিল্পী থাকিব ৷ইয়াৰ পিছত আৰবাজ আৰু ছলমান খানে দৃশ্যগ্ৰহণ কৰিব ৷৩১ ডিচেম্বৰত মুকলি কৰিব লগীয়া এই ছবিখনক লৈ সম্প্ৰতি সকলোৰে উৎকতা প্ৰদান কৰিছে ৷

ইফালে ছবিখনৰ বিষয়ে ছবিখনৰ নিৰ্মাণত জৰিত লোক সকলে কয় যে ছবিখলন ছলমানে স্থানীয় গুণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছে ৷ছবিখনৰ খলনায়কক চুলবুল পাণ্ডেৰ জীৱনত প্ৰথমতেই প্ৰকাশ কৰে । নিৰ্মাতাসকলৰ মতে এই ছবিখন অন্যান্য ছবিসমূহতকৈ পৃথক হ’ব ৷ অন্যহাতে, ছলমান খানৰ সম্প্ৰতি চৰ্চাৰ শীৰ্ষত থকা ছবি ভাৰত আছে মুক্তিৰ অপেক্ষাত৷ কেটৰীনা কাইফ,টাবু,দিশা পাটানি,জেকী শ্ৰফ আৰু চুনীল গ্ৰ’ভাৰৰ এই ছবিখনক লৈ সম্প্ৰতি চৰ্চাৰ অন্ত নাই চলচ্চিত্ৰ প্ৰেমীসকলৰ মাজত ।

বলীউডৰ অভিনেতা চলমান খানক বি টাউনৰ সকলো অভিনেত্ৰীৰ লগতে দৰ্শকে প্ৰত্যক্ষ কৰিলে ৷ কিন্তু অন্য এগৰাকী বলীউড সুন্দৰী দীপিকা পাডুকনৰ লগত চলমান খানক কেতিয়া দেখিবলৈ পাব দৰ্শকে ৷ এইটো চলমান খানৰ অনুৰাগী সকলৰ এক বৃহৎ প্ৰশ্ন ৷ ইফালে চলমান খানে নিজেও দীপিকা পাডুকনৰ লগত অভিনয় কৰিবলৈ থকা ইচ্ছাৰ কথা প্ৰকাশ কৰে এটি সাক্ষাৎকাৰ অনুষ্ঠানত ৷

অনুষ্ঠানটিত চলমানে কয় যে মই নিজেও দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ ইচ্ছুক ৷ এতিয়ালৈকে মোক কোনেও দীপিকাৰ সৈতে কাষ্ট কৰিবলৈ অহা নাই ৷ দীপিকা পাডুকন ছুপাৰষ্টাৰ ৷ গতিকে দীপিকা পাডুকনৰ লগত কাম কৰিবলৈ হ’লে তেওঁৰ চৰিত্ৰটোও শক্তিশালী হ’ব লাগিব ৷ ইফালে শেহতীয়াকৈ চলমান খানে সঞ্জয় লীলা ভাঞ্চালীৰ ইনচে আল্লাহত অভিনয় কৰাৰ কথা ঘোষণা কৰে ৷ ইনচে আল্লাহত চলমান খানৰ লগত চুক্তি বদ্ধ হৈছে বলীউডৰ আন এগৰাকী অভিনেত্ৰী আলিয়া ভাট্ট ৷

অধিক খবৰৰ বাবে পঢ়ক : মনোৰঞ্জন

Next Story