ৰাজ্য খনৰ ৩৪টা ছবিগৃহত মুক্তিলাভ কৰে ৰীমা দাসৰ অস্কাৰ মনোনীত ছবি 'ভিলেজ ৰকষ্টাৰ'। যোৱা বৃহস্পতিবাৰে ছবি খনৰ প্ৰিমিয়াৰ শ্ব' প্ৰদৰ্শিত হয় গুৱাহাটী মহানগৰীৰ চিনেপলিছত ।ছবিখনৰ মুক্তিৰ পূৰ্বে এক সংবাদমেলত অস্কাৰৰ মনোনয়নৰ বাবে প্ৰয়োজন হোৱা প্ৰমোচনৰ বাবে সকলো পক্ষৰ পৰা সহায় সহযোগ বিচাৰিলে ছবি খনৰ পৰিচালক ৰীমা দাসে ।অসমৰ ছবি গৃহত মুক্তি পোৱাৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বতে মুক্তি লাভ কৰে আৰু দিল্লী,কলকতা,মুম্বাই আদি কেইবা খন চহৰত মুক্তি পালে ভিলেজ ৰকষ্টাৰচ ।ইতিমধ্যে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ছবি খনৰ প্ৰচাৰৰ বাবে ৫০ লাখ টকা প্ৰদান কৰাৰ লগতে ৫০শতাংশ কৰ মুক্ত কৰে আৰু ছয়গাঁওৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে প্ৰচাৰৰ বাবে তেওঁৰ একমাহৰ দৰমহা প্ৰদান কৰে বুলি জানিব পৰা গৈছে। ছবি খনক লৈ পৰিচালক ৰীমা দাসৰ লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ লোকে অধীৰ আশাৰে বাট চায় আছে ।ছবি খনৰ সফলতা কামনা কৰা হ'ল ।
Begin typing your search above and press return to search.