Begin typing your search above and press return to search.

আজি মুক্তি লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়পিক

আজি মুক্তি লাভ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বায়পিক

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 May 2019 12:24 PM GMT

আজি বহু প্ৰত্যাশিত বিতৰ্কত ছবি " প্ৰাইমিনিষ্টাৰ নৰেন্দ্ৰ মোদী"য়ে মুক্তি লাভ কৰিলে । নৰেন্দ্ৰ মোদীৰ আত্মজীৱনী মূলক ছবি খনৰ মূল চৰিত্ৰত অভিনয় কৰিছে বিবেক অবৰয়ে। উমংগ কুমাৰৰ দ্বাৰা পৰিচালিত ছবি খনৰ মুক্তিৰ ক্ষেত্ৰত বহু বাৰ দিন সলনি কৰা পৰিলক্ষিত হৈছিল । ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ বাবে এই ছবি খনৰ মুক্তিৰ দিন সলনি কৰা পৰিলক্ষিত হৈছিল ।

এই ছবি খন মুক্তিৰ ক্ষেত্ৰত বহুতো বিৰোধী দলে নিৰ্বাচনৰ সময়ত ছবি মুক্তিৰ বিৰোধিতা কৰি এই ছবি খনে নিৰ্বাচনৰ সময়ত জনমানসত যথেষ্ট প্ৰভাৱ পেলাব বুলি অভিযোগ উত্থাপন কৰিছিল । নিৰ্বাচনৰ মাজত ছবি খন মুক্তি দিলে বিজেপিৰ বাবে যথেষ্ট সহায়ক হব বুলি প্ৰকাশ কৰিছিল বিৰোধীয়ে । এই অভিযোগৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে ছবি খন মুক্তি স্থগিত ৰাখে। আজি বহু প্ৰত্যাশিত ছবি খনে মুক্তি লাভ কৰিছে।

ছবি খন প্ৰথমতে ৫ এপ্ৰিলত মুক্তিৰ তাৰিখ প্ৰকাশ কৰাৰ পাছত পুনৰ ১১ এপ্ৰিলত প্ৰকাশ কৰা হব বুলি প্ৰকাশ কৰে । নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা পাছতে পুনৰ পিচুৱাই ২৪ মেত ছবি খনে মুক্তি লাভ কৰিব বুলি প্ৰকাশ কৰে ছবি খনৰ প্ৰযোজক সন্দিপ সিঙে ।

ছবিখনত বিবেক অবৰয়ৰ লগতে মনোজ জুচী, ৰাজেন্দ্ৰ গুপ্তা, জাৰিনা ৱাহাব আৰু বৰ্খা বিষ্ট চেনগুন্তাই অভিনয় কৰিছে ।

ছবি খনে ইতিমধ্যে বহু বিতৰ্কৰ মাজত জনসাধাৰণৰ মাজত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে । আজি দিনটোৰ ভিতৰতে ছবি খনে বক্স অফিচত ১.৫ কোট অৰ্জন কৰাৰ সম্ভাৱনা আছে ।

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি