Begin typing your search above and press return to search.

আজি সামৰণি পৰিব ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

আজি সামৰণি পৰিব ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  3 Dec 2018 10:06 AM GMT

আজি সা্মৰণি পৰিব ৰাজ্যৰ প্ৰথম পৰ্য্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ। ইতিমধ্যে অসমৰ উজনি-নামনিৰ গ্ৰাম্যাঞ্চল সমূহত তীব্ৰতৰ হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান। কংগ্ৰেছ,ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ,এ আই ইউ ডি এফ আদি ৰাজনৈতিক দল সমূহে জিলা পৰিষদ,গাওঁ পঞ্চায়ত আদিত হাই প্ৰফাইল নেতাৰে প্ৰচাৰ অভিযান চলাইছে। ৰাজ্যিক নিৰ্বাচন আয়োগে জাৰী কৰা জাননী অনুসৰি সোমবাৰে সন্ধিয়া প্ৰথম পৰ্য্যায়ৰ পঞ্চয়াত নিৰ্বাচনৰ প্ৰচাৰৰ সামৰণি পৰিব।ৰাজ্যত এইবাৰ ৫ ডিচেম্বৰ আৰু ৯ ডিচেম্বৰ দুটা পৰ্য্যায়ত পঞ্চায়ত নিৰ্বাচনৰ ভোট গ্ৰহণ অনুষ্ঠিত হব।ইতিমধ্যে ৰাজ্যিক নিৰ্বাচন আয়োগ আৰু জিলা প্ৰসাশন সমূহে ৫ ডিচেম্বৰৰ ৰাতিপুৱা ৭ বজাৰ পৰা ৩ বজালৈ অনুষ্ঠিত হব লগা প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে যাবতীয় প্ৰস্তুতি সম্পুৰ্ণ কৰি তুলিছে। প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনত সৰ্বমুঠ ৪৩৫১৫ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে। ভাৰতীয় জনতা পাৰ্টিৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিৎ দাস, কংগ্ৰেছৰ হৈ সভাপতি ৰিপুন বৰা,ৰকিবুল হুছেইন আৰু অন্যান্য সকলে দলৰ সমৰ্থিত প্ৰাৰ্থী সকলৰ হৈ বিভিন্ন স্থানত প্ৰচাৰ অভিযানত অংশ লয়। অসম গণ পৰিষদৰ হৈ সভাপতি অতুল বৰা, কেশব মহন্ত, এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমলে নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰে।এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ যথেষ্ট আকৰ্ষণীয় হৈ উঠিছে। বিজেপিয়ে অগপ আৰু কংগ্ৰেছক সমালোচনা কৰি নিৰ্বাচনত অংশ লোৱাৰ বিপৰীতে বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছ,অগপৰ প্ৰধান অস্ত্ৰ হৈ পৰিছে নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৬।পঞ্চায়ত নিৰ্বাচনৰ সময়ত সকলো দলৰ বোকা ছটিওৱা ৰাজনৈতিক প্ৰচাৰে সাধাৰণ ভোটাৰক যথেষ্ট আকৰ্ষিত কৰিছে।

অধিক খবৰৰ বাবে পঢ়ক: ৰাজ্যিক বাতৰি

Next Story
চাকৰি