আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী
Published on

আজি বিশ্ববৰণ্য শিল্পী সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সপ্তম মৃত্যু বাৰ্ষিকী । ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সুধাকণ্ঠৰ মৃত্যু বাৰ্ষিকী উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে । ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আজি জালুকবাৰীস্থিত ভূপেনদাৰ সমাধিক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে পালন কৰা হৈছে মৃত্যু দিৱস ।

সমাধিক্ষেত্ৰত সুধাকণ্ঠৰ স্মৃতিসমৃদ্ধ সংগ্ৰহালয় শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । অনুস্থানত মুখ্যমন্ত্ৰীৰ লগতে সাস্কৃতিক পৰিক্ৰমা মন্ত্ৰী নৱ কুমাৰ দলে, সাংসদ বিজয়া চক্ৰৱৰ্তী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা, মুখ্যমন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালী আৰু প্ৰেছ উপদেষ্টা ঋষিকেশ গোস্বামী উপস্থিত আছে ।

মহানগৰীৰ দীঘলীপুখুৰীপাৰত থকা ড০ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাই । শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে আছুৰ মুখ্য উপদেষ্টা সমুজ্বল কুমাৰ ভট্টাচাৰ্য, আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু সভাপতি দীপাংক কুমাৰ নাথ। সন্ধিয়া দীঘলীপুখুৰীপাৰত প্ৰতিমূৰ্তিস্থলীত ছাত্ৰ-ছাত্ৰী, বিশিষ্ট নাগৰিক, ৰাইজে ১০ হেজাৰ বন্তি প্ৰজ্বলনেৰে সুধাকণ্ঠক গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেখেতৰ কালজয়ী গীতসমূহ পৰিৱেশন কৰে ।

পশ্চিম ঢেকীয়াজুলি আঞ্চলিক ছাত্র সন্থা আৰু বৰছলা শাখা ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ নৱনির্মিত প্ৰতিমুৰ্ত্তি উন্মোচন কৰে সদৌ অসম ছাত্র সন্থাৰ সাংগঠনিক সম্পাদক প্ৰজ্ঞান ভূঞাই।অনুস্থানত সংগঠনটোৰ ভালেসংখ্যক বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com