Begin typing your search above and press return to search.

আজি ১০ মেঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১০ মেঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  10 May 2019 9:12 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস। এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য৷

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫২৬ চনৰ আজিৰ দিনটোতে পানিপথৰ প্ৰথম যুদ্ধত জয় লাভ কৰাৰ পিছত বাবৰে আগৰাত প্ৰবেশ কৰে ৷

১৬৫৫ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সেনাই জামাইকাত প্ৰবেশ কৰে ৷

১৭৭৪ চনৰ আজিৰ দিনটোতে লুই ১৫ ৰ মৃত্যুৰ পিছত ১৬ ফ্ৰান্সৰ ৰজা হয় ৷

১৭৯৬ চনত নেপোলিয়নে লোডী ব্ৰিজৰ যুদ্ধত অষ্ট্ৰিয়াক পৰাজিত কৰে ৷

১৮২৪ চনৰ আজিৰ দিনটোতে লণ্ডনৰ নেশ্যনেল গেলাৰী সাধাৰণ মানুহৰ কাৰণে মুকলি কৰে ৷

১৮৫৭ চনৰ আজিৰ দিনটোৰ পৰাই ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম আৰম্ভ হয়।

১৮৫৭ চনৰ আজিৰ দিনটোতে দিল্লীৰ পৰা ৬০ কিল’মিটাৰ দূৰত্বত অৱস্থিত মেৰঠত ইংৰাজৰ বিৰুদ্ধে হোৱা যুদ্ধত বিট্টিছ সেনাত কাম কৰা ভাৰতৰ ৫০ জন ইংৰাজৰ চিপাহীক হত্যা কৰে।

১৯৪০ চনৰ আজিৰ দিনটোতে জাৰ্মানীয়ে বেলজিয়াম, নেডাৰলেণ্ডত আক্ৰমণ কৰে ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে চোবিয়েত সেনা আফগানিস্তানত উপস্থিত হয় ৷

১৯৭২ চনৰ আজিৰ দিনটোতে আমেৰিকাই নেবাদাত পৰমাণু পৰীক্ষণ কৰে ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে সন্তোষ যাদৱ বিশ্বৰ সকলোতকৈ ওখ পৰ্বত হিমালয়ৰ শিখৰত উপস্থিত হোৱা প্ৰথম মহিলা হয় ৷

১৯৯৫ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাত সোনৰ খনিত লিফ্টত এখন ট্ৰেইন পৰি যোৱাৰ কাৰণে ১০৪ জন মজদূৰৰ মৃত্যু হয় ৷

২০১২ চনৰ আজিৰ দিনটোতে চিৰীয়াৰ ৰাজধানীত হোৱা বোমা বিষ্ফোৰণত ৫৫ জন লোকৰ মৃত্যু হয় ৷ আৰু ৩৭০ জনৰ লোক আহত হয় ।

২০১৪ চনৰ আজিৰ দিনটোতে নিৰ্বাচনত আফ্ৰিকী নেশ্যনেল কংগ্ৰেছে জয় লাভ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯০৫ চনৰ আজিৰ দিনটোতে বাংলা আৰু হিন্দী ছবিৰ প্ৰসিদ্ধ গায়ক,সংগীতকাৰ আৰু পংকজ মালিকৰ জন্ম হৈছিল ৷

পৰমবীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সৈনিক যোগেন্দ্ৰ সিং যাদৱৰ জন্ম হৈছিল ১৯৮০ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৭৮ চনৰ আজিৰ দিনটোতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গিৰিধৰ শৰ্মাৰ মৃত্যু হয় ৷

২০০২ চনৰ আজিৰ দিনটোতে ছবিজগতৰ প্ৰসিদ্ধ উৰ্দু শায়্যেৰ কেফী আজমীৰ মৃত্যু হয় ৷

অন্য খবৰৰ বাবে পঢ়ক : বিবিধ

Next Story
চাকৰি