আজি ১১ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৮৮১ চনৰ আজিৰ দিনটোতে আফ্ৰিকা আৰু আমেৰিকাৰ মহিলাসকলৰ উচ্চ শিক্ষাৰ কাৰণে স্পেলমেন কলেজ জৰ্জিয়া স্থাপন কৰে ৷
১৯১৯ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় শ্ৰম সংগঠনৰ স্থাপন হৈছিল ৷
১৯৩০ চনৰ আজিৰ দিনটোতে ঋষিকেষত ষ্টীলৰ তাঁৰেৰে নিৰ্মিত লক্ষ্মণ ঝুলা মুকলি কৰে।
১৯৬৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জনন্সনে চিবিল ৰাইট আইনত চহী কৰে ৷
১৯৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাই চন্দ্ৰমা অভিযানৰ কাৰণে অ’প’ল’ কাৰ্যক্ৰম আৰম্ভ কৰে ৷
১৯৭২ চনৰ আজিৰ দিনটোতে ইউএচএচআৰে আণ্ডাৰ গ্ৰাউণ্ড নিউক্লিয়াৰ টেষ্ট আৰম্ভ কৰে ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে অগ্নি২ মিছাইলৰ পৰীক্ষণ কৰে ৷
১৯৯৯ চনৰ আজিৰ দিনটোতে ফিলীপাইন্স চৰকাৰে এখন বিদ্যালয়ৰ দায়িত্ব লয় ৷
২০০০ চনৰ আজিৰ দিনটোতে ভাৰতীয় মূলৰ আমেৰিকাৰ লেখিকা ঝুম্পা লাহিড়ীক পুলিৎজাৰ বটাঁ প্ৰদান কৰে।
২০০৮ চনৰ আজিৰ দিনটোতে চুইডেনত বিজ্ঞানীসকলে আঠ হাজাৰ বছৰৰ পুৰণি এজোপা গছ উদ্ধাৰ কৰে ৷
২০১০ চনৰ আজিৰ দিনটোতে প’লেণ্ডৰ ৰাষ্ট্ৰপতি লেখ কাজিস্কী বিমান দুৰ্ঘটনাত মৃত্যু হয় ৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮২৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ মহান বিচাৰক,সমাজ সেবী আৰু স্বাধীনতা সংগ্ৰামী জ্যোতিবা ফুলৰ জন্ম হয়।
১৮৬৯ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ পত্নী কস্তুৰীবা গান্ধীৰ জন্ম হয়।
১৮৮৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ চিত্ৰকাৰ জৈমিনী ৰায়ৰ জন্ম হৈছিল।
১৯০৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় গায়ক কুন্দন লাল সহগলৰ জন্ম হৈছিল ৷
১৯৩৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ ৰামানাথান কৃষ্ণণৰ জন্ম হৈছিল ।
১৯৪৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা নবীন নিশ্ৰলৰ জন্ম হৈছিল।
১৯৫১ চনৰ আজিৰ দিনটোতে সৰু পৰ্দাৰ অভিনেত্ৰী ৰোহিনী হট্টাংগড়ীৰ জন্ম হৈছিল ।
১৯৯১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী পুনম পাণ্ডেৰ জন্ম হৈছিল ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
২০০৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী সাহিত্যকাৰ,নাট্যকাৰ আৰু কাহিনীকাৰ বিষ্ণু প্ৰভাকৰৰ মৃত্যু হয় ৷
২০১০ চনৰ আজিৰ দিনটোতে প’লেণ্ডৰ ৰাষ্ট্ৰপতি লেখ কাজিস্কী বিমান দুৰ্ঘটনাত মৃত্যু হয় ৷
অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি