Begin typing your search above and press return to search.

আজি ১১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  11 March 2019 7:06 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৮১ চনত ৰামনাথ ঠাকুৰৰ প্ৰতিমা কলকাতা টাউন হলত স্থাপন কৰা হয়।

১৯১৭ চনৰ আজিৰ দিনটোতে বাগদাদত ব্ৰিটিশ সেনাই অধিকাৰ কৰে

১৯১৮ চনত মস্কো ৰুছৰ ৰাজধানী হয় ৷

১৯৩৫ চনত কানাডা গঠন হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে চোমালিয়াই ব্ৰিটেইনৰ লগত ৰাজনৈতিক সম্বন্ধ বিচ্চেদ কৰে ৷

১৯৮১ চনৰ আজিৰ দিনটোতে চিল্লীত সংবিধান আৰম্ভ হয় ৷

১৯৯০ চনত লিথুৱানিয়াই স্বাধীনতা ঘোষণা কৰে ৷

২০০৪ চনৰ আজিৰ দিনটোতে স্পেইনৰ তিনিটা ৰেল ষ্টেচনত হোৱা বোমা বিষ্ফোৰণত ১৯০ জন লোকৰ মৃত্যু হয় আৰু ২৬ জন আহত হয় ৷

২০০৭ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ লাহোৰত হোৱা আত্মঘাটী বোমা বিষ্ফোৰণত ২৬ জন লোকৰ মৃত্যু হয় ৷

২০১১ চনৰ আজিৰ দিনটোতে ভয়ংকৰ ভূমাকম্পত জাপানত চুনামী হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১৫ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ বিজয় হাজৰেৰ জন্ম হৈছিল ৷

১৯২৫ চনত হাইদৰাবাদৰ এজন মহান ব্যক্তি মদনসিং মতবালেৰ জন্ম হৈছিল ৷

১৯২৭ চনৰ আজিৰ দিনটোতে ৰেমন মেগচেছ পুৰস্কাৰ বিজেতা ভাৰতীয় মহিলা চিকিৎসক ৱী শান্তাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৬৮৯ চনৰ আজিৰ দিনটোতে ঔৰংগজেৱে ছত্ৰপতি শিৱাজী মহাৰাজৰ পুত্ৰ সম্ভাজীৰ হত্যা কৰা হয় ৷

১৯৮০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ স্বাধীনতা সেনাী আৰু উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চন্দ্ৰভানু গুপ্তৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি