Begin typing your search above and press return to search.

আজি ১৪ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ১৪ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  14 March 2019 7:59 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৪৭ চনৰ আজিৰ দিনটোতে ফান্স,ছুইডেনে ৩০ বছৰীয়া যুদ্ধৰ পিছত শান্তি চুক্তিত স্বাক্ষৰ কৰে ৷

১৯১২ চনত ইটালীৰ ৰজা বিট্টোৰিয়া ইমেন্যুয়েল তৃতীয় এক দুৰ্ঘটনাত আহত হয়।

১৯১৪ চনৰ আজিৰ দিনটোতে তুৰ্কী আৰু চৰ্বিয়াই শান্তি চুক্তিত স্বাক্ষৰ কৰে ৷

১৯৩১ চনত ভাৰতৰ প্ৰথম সংলাপ থকা ছবি আলমআৰা মুম্বাইত প্ৰদৰ্শিত হয় ।

১৯৫৫ চনৰ আজিৰ দিনটোতে ৰাজকুমাৰ মহেন্দ্ৰ সিং নেপালৰ ৰজা হয় ।

১৯৫৮ চনৰ আজিৰ দিনটোতে ম’নাকোৰ ৰাজকুমাৰী গ্ৰেচে এক পুত্ৰ সন্তান জন্ম দিয়ে৷ আৰু সেই আনন্দতে মোনাকোত প্ৰায় ১০১ টা টোপেৰে আননৱদ প্ৰকাশ কৰে ৷

১৯৬৫ চনৰ আজিৰ দিনটোতে ইজৰাইলী মন্ত্ৰী মণ্ডলে পশ্চিমী জাৰ্মানীৰ লগত ৰাজনৈতিক সম্বন্ধ অটুট ৰাখিবলৈ সহমতি দিয়ে।

১৯৭৬ চনৰ আজিৰ দিনটোতে আমেৰিকাত নেবাদা পৰীক্ষণ কৰে ৷

১৯৮৮ চনৰ আজিৰ দিনটোৰ পৰাই গণিত প্ৰেমীসকলৰ কাৰণে পাই ডে পালন কৰা হয়।

১৯৯৮ চনৰ আজিৰ দিনটোতে সোনিয়া গান্ধী প্ৰথমবাৰৰ কাৰণে কংগ্ৰেছৰ অধ্যক্ষ হয় ।

১৯৯৯ চনৰ আজিৰ দিনটোতে স্পেইনৰ কালোৰ্চ মোয়া বিশ্বৰ এক নম্বৰ টেনিছ খেলুৱৈ হয় ।

২০০৪ চনৰ আজিৰ দিনটোতে চীনে নিজৰ সম্পত্তিক আইন অনুসৰি মান্যতা প্ৰদান কৰিবৰ কাৰণে সংবিধান সংশোধন কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৩৩ চনৰ আজিৰ দিনটোতে প্ৰথম মহিলা দন্ত বিশেষজ্ঞ হাৰ্বছ টেলৰৰ জন্ম হৈছিল।

১৮৭৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বৈজ্ঞানিক এলবাৰ্ট আইনাষ্টাইনৰ জন্ম হৈছিল।

১৯১৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মালায়লম সাহিত্যকাৰ এছ কে পোট্টেক্কাট্টৰ জন্ম হৈছিল ৷

বলীউডৰ মিষ্টাৰ পাৰফেক্ট আমিৰ খানৰ জন্ম হৈছিল ১৯৬৫ চনৰ আজিৰ দিনটোতে৷

১৯৭২ চনৰ আজিৰ দিনটোতে মণিপুৰৰ মানৱধিকাৰ কৰ্মী ইৰম শৰ্মিলাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮৮৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ জাৰ্মান দাৰ্শনিক,অৰ্থশাস্ত্ৰী আৰু বৈজ্ঞানিক সমাজবাদৰ প্ৰণেতা কাৰ্ল মাক্সে ইহলীলা সম্বৰণ কৰে ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ মুখ্য স্বাধীনতা সেনানী জয়নাৰায়ন ব্যাসৰ মৃত্যু হয়।

২০১৮ চনৰ আজিৰ দিনটোতে বিশ্ব প্ৰসিদ্ধ ভৌতিক বিজ্ঞানী ষ্টীফেন হাকিংগৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি