Begin typing your search above and press return to search.
আজি ১৫ দিনটোৰ চাওঁ : আহক চাওঁ আজিৰ দিনটোৰ তাৎপৰ্য

আজি ১৫ ডিচেম্বৰ ৷ প্ৰত্যেক দিনটোৰ দৰে আজি ১৫ ডিচেম্বৰ দিনটোৰ এক বিশেষ তাৎপৰ্য্য আছে।আহক চাওঁ আজিৰ দিনটোৰ তাৎপৰ্যঃ
আজিৰ এই দিনটোতে অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ জন্ম হৈছিল ৷
যোৰহাট প্ৰভিঞ্চিয়েল ৰেলৱে নেৰ’গজ ৰেলসেৱাৰ অধীনত ১৮৮৪ চনৰ ১৫ ডিচেম্বৰ দিনটোৰ পৰাই মালবাহী ৰেলৰ চলাচল আৰম্ভ হয় ৷
নাট্যকাৰ-অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ জন্ম হৈছিল ১৯৩০ চনৰ আজিৰ এই দিনটোতে ৷
১০২৫ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাছিলৰ পিছত অষ্টম কনষ্টানটাইনৰ ৰোমৰ সিংহাসনত আৰোহন কৰে ৷
১৮৫২ চনৰ আজিৰ এই দিনটোতে ফৰাচী পৰ্দাৰ্থবিদ,তেজস্ত্ৰিয় ৰশ্মিৰ আৱিস্কাৰক এন্টোইন হেনৰী বেকাৰেলৰ জন্ম হৈছিল৷
১৮৬০ চনৰ আজিৰ এই দিনটোতে চিকিৎসা বিজ্ঞানত ফটো থেৰাপীৰ আৱিস্কাৰক নীলছ ৰাইচৱাৰ্গৰ জন্ম হয় ৷ ১৯০৩ চনৰ আজিৰ এই দিনটোৰ তেওঁ চিকিৎসা বিজ্ঞানৰ নোবেল বটাঁ লাভ কৰিছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি
Next Story