আজি ১৮ জানুৱাৰীঃ আহক জানো আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ
১৬৭০ চনৰ আজিৰ দিনটোতে হেনৰী মোৰগনে পানামা অধিকাৰ কৰিছিল৷
১৭০১ চনৰ আজিৰ দিনটোতে ব্ৰেডনবৰ্গৰ ফ্ৰেডৰিক তৃতীয়ই প্ৰশিয়া দখল কৰে ৷
১৭৭৮ চনৰ আজিৰ দিনটোতে হৱাই দ্বীপ সমূদ্ৰৰ আৱিস্কাৰক জেম্ছ কুক প্ৰথম ইউৰোপীয়ান হয়।
১৮৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাত এৰিজোনা পৰিসংঘৰ গঠন হৈছিল ।
১৮৬৬ চনৰ আজিৰ দিনটোতে মেলৱৰ্ণত "ৱেসলে কলেজ"স্থাপন হৈছিল।
১৮৯৬ চনৰ আজিৰ দিনটোতে "এক্সৰে মেছিন"ৰ প্ৰথম প্ৰদৰ্শন হৈছিল ।
প্ৰখ্যাত গাড়ী নিৰ্মাণকাৰী ব্ৰিটিছ প্ৰতিষ্ঠান "বেন্টল মৰ্টছ লিমিটেড"ৰ স্থাপন কৰিছিল ১৯১৯ চনৰ আজিৰ দিনটোতে ৷
১৯৩০ চনৰ আজিৰ দিনটোতে মহান লেখক ৰবীন্দ্ৰ ঠাকুৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ সবৰমতী আশ্ৰমলৈ যাত্ৰা কৰে ৷
১৯৫১ চনৰ আজিৰ দিনটোতে মিছা কথা পৰীক্ষা কৰা যন্ত্ৰক নেডালেণ্ডত প্ৰথম বাৰৰ কাৰণে ব্যৱহাৰ কৰে ৷
১৯৫৯ চনৰ আজিৰ দিনটোতে জাতিৰ পিতা মহাত্মা গান্ধীৰ সহযোগী মীৰা বেনে ভাৰত ত্যাগ কৰে ৷
১৯৬২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ নেৱাদাত পৰমাণু পৰীক্ষণ কৰে ৷
১৯৬৩ চনৰ আজিৰ দিনটোতে ইউৰোপীয় সাঝা বাজাৰৰ পৰা ব্ৰিটেইনক পৃথক কৰাৰ কাৰণে বিচাৰ কৰে ৷
১৯৬৩ চনৰ আজিৰ দিনটোতে কজাখস্তানত তৎকালীন চোবিয়েত সংঘই পৰমাণু পৰীক্ষণ কৰে ৷
১৯৭৬ চনৰ আজিৰ দিনটোতে অনুসন্ধানৰ গোচৰত ফান্সে ৪০ জন চোবিয়েত অধিকাৰীক দেশৰ পৰা নিষ্কাষিত কৰে ৷
১৯৯১ চনৰ আজিৰ দিনটোতে ইষ্টাৰ্ণ এয়াৰলাইনক আৰ্থিক কাৰণত বন্ধ কৰি দিয়ে৷
১৯৯৫ চনৰ আজিৰ দিনটোতে "য়াহু ডট কম" আৰম্ভ কৰে ৷
১৯৯৭ চনৰ আজিৰ দিনটোতে "নফীছা জোচেফ" মিছ ইণ্ডিয়া হয়।
২০০৪ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেট শৃংখলাত ভাৰতে অষ্ট্ৰেলিয়াক ১৯ ৰাণত পৰাজিত কৰে ৷
২০০৬ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাজ্য আমেৰিকাত ইচ্ছা মৃত্যুত চুপ্ৰিম কৰ্টে ৰায় দান কৰে ৷
২০০৯ চনৰ আজিৰ দিনটোতে বংগাল ক্ৰিকেট এছোচিয়েচনে সৌৰভ গাংগুলীক সোনৰ ল’ৰা হিছাপে সন্মানিত কৰে ৷
১৭৮২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ ৰাজনেতা ডেনিয়েল ব্যষ্টৰ জন্ম হৈছিল।
১৮৪২ চনৰ আজিৰ দিনটোতে মহাৰাষ্ট্ৰৰ মহান বিদ্বান সমাজ সুধাৰক মহাদেৱ গোবিন্দ ৰানাডেৰ জন্ম হৈছিল ৷
১৯২৭ চনৰ আজিৰ দিনটোতে বীণা বাদক সুন্দৰম বালচন্দ্ৰনৰ জন্ম হৈছিল ৷
১৯৪২ চনৰ আজিৰ দিনটোতে বক্সাৰ মহম্মদ আলীৰ জন্ম হৈছিল।
১৯৭২ চনৰ আজিৰ দিনটোতে ক্ৰিকেট খেলুৱৈ বিনোদ কাম্বালীৰ জন্ম হৈছিল ৷
১৯৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ সৰ্বশ্ৰেষ্ঠ বেডমিন্টন খেলুৱৈ অপৰ্ণা পোপটৰ জন্ম হৈছিল ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেত্ৰী মিনিষা লাম্বাৰ জন্ম হৈছিল ৷
১৯৪৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় অভিনেতা তথা গায়ক কুন্দন লাল সহগলৰ মৃত্যু হৈছিল ৷
১৯৬৩ চনৰ আজিৰ দিনটোতে উৰিষ্যাৰ সাৰ্বজনিক কাৰ্যকৰ্তা আৰু সমাজসেৱী লক্ষ্মী নাৰায়ন সাহুৰ মৃত্যু হয়৷
১৯৬৬ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ গণিতজ্ঞ বদ্ৰীনাথ প্ৰসাদৰ মৃত্যু হৈছিল দ
১৯৯৬ চনৰ আজিৰ দিনটোতে অভিনেতা তথা ৰাজনীতিজ্ঞ এন টী ৰামৰাওৰ মৃত্যু হৈছিল ৷
২০০৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেতা তথা বলীউডৰ বিগ বি অমিতাভ বচ্চনৰ পিতৃ তথা হিন্দী সাহিত্যৰ প্ৰসিদ্ধ লেখক আৰু কবি হৰিবংশৰায় বচ্চনৰ মৃত্যু হৈছিল ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি