আজি ১ ফেব্ৰুৱাৰীঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰেই আজিৰ দিনটোৰো আছে বিশেষ ইতিহাস ৷ আজিৰ দিনটোতে ইতিহাসত এনেধৰণৰ কিছু ঘটনা সংঘটিত হৈছিল যিসমূহে আমাৰ দেশৰ লগতে আমাৰ সমাজক প্ৰগতিৰ পথত আগুৱাই লৈ গৈছে ৷ আৰু এই ইতিহাস সমূহৰ জৰিয়তে আপুনি বিশ্বৰ কথা জনাৰ লগতে আপোনাৰ জ্ঞানৰ ভৰাঁল চহকী কৰিব পাৰিব ৷ গতিকে আহক জানো আজিৰ দিনটোৰ ইতিহাসঃ
১৭৮৬ চনৰ আজিৰ দিনটোতে লৰ্ড কৰ্ণবালিছ ভাৰতৰ গৱৰ্ণৰ হয় ৷
১৯৭০ চনৰ আজিৰ দিনটোতে নিউয়ক চহৰত প্ৰথম বাৰৰ কাৰণে "চুপ্ৰীম কৰ্ট অফ দ্য ইউনাইটেড ষ্টেটছ"ৰ আয়োজন কৰে ৷
১৭৯৩ চনৰ আজিৰ দিনটোতে ইউনাইটেড কিংডম আৰু নেডাৰলেণ্ডত ফান্সে যুদ্ধ ঘোষণা কৰে।
১৮১৪ চনৰ আজিৰ দিনটোতে ফিলীপাইন্সত জ্বালামুখী উদগীৰণ হোৱাত প্ৰায় ১২০০ লোকৰ মৃত্যু হয়।
১৮২৭ চনৰ আজিৰ দিনটোতে কলকাত্তা বংগাল ক্লাবৰ স্থাপনা হয় ।
১৮৫৫ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া ৰেলৱেৰ উৎঘাটন হয় ৷
১৮৮১ চনৰ আজিৰ দিনটোতে দিল্লীৰ সকলোতকৈ পুৰণি কলেজ চেন্ট ষ্টিফেন কলেজৰ স্থাপন হয় ৷
১৮৮৪ চনৰ আজিৰ দিনটোতে ডাক বীমা যোজনা আৰম্ভ হয় ৷
১৮৮৪ চনৰ আজিৰ দিনটোতে অক্সফ’ৰ্ড ডিক্সনেৰীৰ প্ৰথম সংস্কৰণ এ টু আন্ত ৰ প্ৰকাশ হয় ৷
১৯০৮ চনৰ আজিৰ দিনটোতে ইসৱীৰ পতুৰ্গালৰ ৰজা কাৰৰ্লছ প্ৰথমৰ সহিতে তেওঁৰ পুত্ৰক লিসৱনত হত্যা কৰে ৷
১৯২৪ চনৰ আজিৰ দিনটোতে ইউ এছ এছ আৰে ইউনাইটেড কিংগডমক মান্যতা প্ৰদান কৰে ৷
১৯৪৯ চনৰ আজিৰ দিনটোতে প্ৰেষ্ট টাষ্ট অফ ইণ্ডিয়াই এছ’চিয়েট প্ৰেছ অফ ইণ্ডিয়াৰ অধিগ্ৰহণ কৰে ৷
১৯৫৬ চনৰ আজিৰ দিনটোতে দক্ষিণ আফ্ৰিকাই চোবিয়েত সংঘৰ বাণিজ্য দূতভাষৰ কৰ্মচাৰীক পুনৰাই আমন্ত্ৰণ কৰিব বিচাৰে ৷
১৯৫৮ চনৰ আজিৰ দিনটোতে চিৰিয়া আৰু মিস্তক ইউনাইটেড অৰব ৰিপ্লাৱিকৰ লগত সংযোগ কৰি দিলে ৷যি ১৯৬১ চনলৈকে থাকে ৷
১৯৬৪ চনৰ আজিৰ দিনটোতে ভাৰতত য়ুনিট ট্ৰাষ্টৰ স্থাপন হয়।
১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় আন্তৰাষ্ট্ৰীয় বিমান পতনন প্ৰাধিকৰণৰ গঠন হয়।
১৯৭৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰীয় সংবাদ সমিতি সমাচাৰ গঠন হয় ।
১৯৭৭ চনৰ আজিৰ দিনটোতে "ভাৰতীয় তট ৰক্ষক বল"ৰ গঠন কৰে ৷
১৯৭৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ৰেল সংগ্ৰাহলয়ৰ স্থাপন কৰে ৷
১৯৮৫ চনৰ আজিৰ দিনটোতে মহম্মদ আজহাৰুদ্দিনে কানপুৰত শতক অৰ্জন কৰি তিনিখন টেষ্টত শতকেৰে বিশ্ব ৰেকৰ্ড গঢ়ে ৷
১৯৯১ চনৰ আজিৰ দিনটোতে আফগানিস্তান আৰু পাকিস্তানত অহা ভূমিকম্পত প্ৰায় ১০০০ লোকৰ মৃত্যু হয় ৷
১৯৯২ চনৰ আজিৰ দিনটোতে কেন্দ্ৰশাসিত দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী ক্ষেত্ৰ দিল্লী নামেৰে নামাকৰণ কৰে ৷
১৯১৪ চনৰ আজিৰ দিনটোতে অভিনেতা অৱতাৰ কিশান হংগল ৰ জন্ম হৈছিল ৷
১৯৫৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ কুস্তী পহলৱান সতপাল সিঙৰ জন্ম হৈছিল।
১৯৫৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ছবি অভিনেতা ব্ৰহ্মনন্দনৰ জন্ম হৈছিল।
১৯৫৭ চনৰ আজিৰ দিনটোতে চলচ্চিত্ৰ অভিনেতা জেকী শ্ৰফৰ জন্ম হৈছিল ।
১৯৬৭ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ শিশুপাল নাথু পাটলেৰ জন্ম হৈছিল ৷
১৯৭১ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেটাৰ অজয় জডেজাৰ জন্ম হৈছিল।
১৯১৫ চনৰ আজিৰ দিনটোতে ভাৰতীয় বৈজ্ঞানিক শম্ভুনাথ ডেৰ জন্ম হৈছিল ৷
১৮৬১ চনৰ আজিৰ দিনটোতি ভাৰতীয় স্বাধীনতা সংগ্ৰামী ব্ৰহ্মবান্ধৱ উপাধ্যায়ৰ জন্ম হৈছিল ৷
১৮৮২ চনৰ আজিৰ দিনটোতে হিমালয়ৰ এটা অঞ্চলৰ আৱিস্কাৰ কৰা প্ৰথম ভাৰতীয় নেন সিং ৰাৱতৰ মৃত্যু হয় ৷
১৯৬৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গান্ধীবাদী বিচাৰক আৰু শিক্ষাবিদ মগন ভাই দেশাইৰ মৃত্যু হয় ।
২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম ভাৰতীয় আমেৰিকা অন্তৰীক্ষ যাত্ৰী কল্পনা চাওলাই ইহলীলা সম্বৰণ কৰে ৷
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি