আজি ২৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷ যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷ চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৬৬০ চনৰ আজিৰ দিনটোতে ছুইডেন আৰু প’লেণ্ডৰ মাজত অ’লিবা চুক্তি সম্পন্ন হয় ৷

১৬৬১ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সম্ৰাট চালৰ্চ দ্বিতীয়ৰ লণ্ডনত ৰাজ অভিষেক হয় ৷

১৭৫১ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া ক’ম্পনীৰ গৱৰ্ণল জেনেৰেল গিলৱৰ্ট এলিয়ট মিন্টোৰ জন্ম হৈছিল ৷

ব্ৰিট্টিছ কামাণ্ডৰ কৰ্নেল চেপমেনে ১৭৭৪ চনৰ আজিৰ দিনটোতে ৰোহিলা সেনাক পৰাজয় কৰি ৰোহিলাখণ্ডক অধিকাৰ কৰে ৷

১৮৯১ চনৰ আজিৰ দিনটোতে ৰুছৰ ৰাজধানী মস্কোৰ পৰা ইহুদীসকলক বহিস্কাৰ কৰে ৷

১৯০৮ চনৰ আজিৰ দিনটোতে জাৰ্মানী,ডেনমাৰ্ক, ব্ৰিটেইন,চুইডেন,হলেণ্ড আৰু ফান্সৰ মাজত আটলান্টিক সংগঠন সন্ধিত হস্তাক্ষৰ কৰে ৷

১৯৩৫ চনৰ আজিৰ দিনটোতে ইউৰোপীয় দেশ প’লেণ্ডে সংবিধান মানি লয় ৷

১৯৮১ চনৰ আজিৰ দিনটোতে চোবিয়েত ইউনিয়নে আণ্ডাৰগ্ৰাউণ্ড নিউক্লিয়েৰ টেষ্ট কৰে ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে বৈজ্ঞানিকে এইডচ বিষয়ে জানিব পাৰে ৷

১৯৮৫ চনৰ আজিৰ দিনটোতে ক’ল্ড ড্ৰিংকচ কম্পনী কক’কোলা ৯৯ বছৰ বজাৰত থকাৰ পিছত এক নতুন নিয়মৰ মাজেৰে নতুন কক’কোলা বজাৰ আৰম্ভ হয় ৷

২০০৫ চনৰ আজিৰ দিনটোতে ইউটিউবত প্ৰথমবাৰৰ বাবে ভিডিঅ’ আপলোড কৰে ৷

২০১৪ চনৰ আজিৰ দিনটোতে লোকতান্ত্ৰিক গণৰাজ্য কংগোত এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰায় ৬০ জন লোকৰ মৃত্যু হয় আৰু ৮০ জন লোক আঘাত প্ৰাপ্ত হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৫০৪ চনৰ আজিৰ দিনটোতে শিখসকলৰ ধৰ্মগুৰু অংগদৰ জন্ম হৈছিল ৷

১৭৫১ চনৰ আজিৰ দিনটোতে ইষ্ট ইণ্ডিয়া কম্পনীৰ গৱৰ্ণৰ জেনেৰেল গিল্বৰ্ট এলিয়ট মিন্টোৰ জন্ম হৈছিল ৷

১৮৫৮ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় বিদুষী মহিলা আৰু সমাজ সংস্কাৰক পণ্ডিত ৰমাবাইৰ জন্ম হয়।

হিন্দীৰ প্ৰসিদ্ধ সাহিত্যকাৰ জী পি শ্ৰীবাস্তৱৰ জন্ম হয় ১৮৮৯ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৬১৬ চনৰ আজিৰ দিনটোতে ইংৰাজী সাহিত্যৰ মহান কবি আৰু নাট্যকাৰ উইলিয়াম শ্ৰেক্সপীয়েৰৰ মৃত্যু হৈছিল ৷

১৮৫৮ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী আৰু মহানায়ক কোঁৱৰ সিঙৰ মৃত্যু হয়।

১৯২৬ চনৰ আজিৰ দিনটোতে ৰাষ্ট্ৰভাষা হিন্দীৰ উপাসক,স্বাধীনতা সংগামী নেতা মাধৱৰাও চপ্ৰেৰ মৃত্যু হয় ৷

১৯৬৮ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গজল গায়ক গুলাম আলী খানৰ মৃত্যু হৈছিল ৷

১৯৯২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ভাৰতীয় ছবি নিৰ্দেশক ভাৰত ৰত্নৰে সন্মানিত সত্যজিত ৰায়ৰ মৃত্যু হৈছিল ৷

২০১৩ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ পাৰ্শ্ব গায়িকা শামশাদ বেগমৰ মৃত্যু হৈছিল ৷

অন্য খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com