আজি ২৩ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৩৫৭ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ চন্দ্ৰনগৰত লৰ্ড ক্লাইৱে ফান্সিছ সকলক পৰাজয় কৰে ৷
১৮৩৬ চনৰ আজিৰ দিনটোতে ফ্ৰেঙ্কলিন বেলে চিক্কা চপা কৰা প্ৰেছ আৱিস্কাৰ কৰে।
১৯১৮ চনৰ আজিৰ দিনটোতে লিথুৱনিয়াই স্বাধীনতা লাভ কৰে।
১৯১৯ চনৰ আজিৰ দিনটোতে বেনিট মুছলিনীয়ে ইটালীৰ মিলানত ফেছিষ্ট আন্দোলনৰ আৰম্ভ কৰে।
১৯৪০ চনৰ আজিৰ দিনটোতে অল ইণ্ডিয়া মুছলীম লীগে মুছলমান সকলৰ কাৰণে পৃথক দেশৰ দাবী কৰে ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে ফিলীপাইন্সৰ স্বাধীনতাক মান্যতা দিয়ে ৷
১৯৫০ চনৰ আজিৰ দিনটোতে সংযুক্ত ৰাষ্ট্ৰই বিশ্ব জলবায়ু বিজ্ঞান বিভাগৰ স্থাপন কৰে ৷
১৯৫৬ চনৰ আজিৰ দিনটোতে পাকিস্তান বিশ্বৰ প্ৰথম ইছলামিক গণতন্ত্ৰ দেশ হয়।
১৯৬৫ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ জাৰ্মানী ৩ মহাকাশ যানত দুজন লোকক মহাকাশলৈ প্ৰেৰণ কৰে।
১৯৮৬ চনৰ আজিৰ দিনটোতে মহিলাৰ কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষীৰ প্ৰথম কম্পনীক প্ৰশিক্ষণ কৰে ৷
১৯৮৭ চনৰ আজিৰ দিনটোতে পশ্চিমী জাৰ্মানীৰ এক ব্ৰিটেনী সৈনিকৰ এখন বাহনত হোৱা বিষ্ফোৰণত প্ৰায় ৩০ জন লোক আহত হয় ৷
২০০১ চনৰ আজিৰ দিনটোতে ৰুছী মহাকাশ ষ্টেশ্যন "মীৰ"ৰ জল সমাধি হয়।
২০১২ চনৰ আজিৰ দিনটোতে মাষ্টাৰ ব্লাষ্টৰ শচীন তেণ্ডুলকাৰ আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ ফাইনেলত ১০০ ৰাণ কৰা প্ৰথম ক্ৰিকেটাৰ হয়।
২০১৪ চনৰ আজিৰ দিনটোতে ইউৰোপীয় সংঘ আৰু আমেৰিকাই ৰুছৰ ওপৰত প্ৰতিবন্ধকতা লগায়।
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৬১৪ চনৰ আজিৰ দিনটোতে মোগল বাদশ্বাহ শ্বাহজহাঁ আৰু মুমতাজ মহলৰ সকলোতকৈ ডাঙৰ জীয়ৰী জহাঁআৰাৰ জন্ম হৈছিল ৷
১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামী বসন্তী দেৱীৰ জন্ম হয় ।
১৯১০ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী তথা প্ৰখ্যাত সদাজবাদী নেতা ৰাম মনোহৰ লোহিয়াৰ জন্ম হৈছিল ৷
১৯২৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা সংগ্ৰামী হেমু কল্যানীৰ জন্ম হৈছিল৷
১৯৫৩ চনৰ আজিৰ দিনটোতে ভাৰতীয় মহিলা ব্যৱসায়ী কিৰণ মজুমদাৰ শ্ব’ৰ জন্ম হৈছিল ৷
১৯৭৬ চনৰ আজিৰ দিনটোতে প্ৰাক্তন টেলিভিশ্যন অভিনেত্ৰী আৰু ভাৰতীয় জনতা দলৰ প্ৰতিষ্ঠিত মহিলা নেত্ৰী স্মৃতি ইৰানীৰ জন্ম হৈছিল ৷
১৯৮৭ চনৰ আজিৰ দিনটোতে বলীউডৰ কুইন খ্যাত কংগনা ৰানাউডৰ জন্ম হৈছিল।
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৯৩১ চনৰ আজিৰ দিনটোতে মহান স্বাধীনতা সংগ্ৰামী ভগত সিং,ৰাজগুৰু আৰু সুখদেৱক ফাঁচী দিয়ে ৷
২০০৩ চনৰ আজিৰ দিনটোতে হাৰিয়ানা ৰাজ্যৰ স্বাধীনতা সংগ্ৰামী নেতা, সামাজিক কাৰ্যকৰ্তা,ইতিহাসকাৰ তথা শিক্ষক,স্বামী অ’মেনান্দ সৰস্বতীৰ মৃত্যু হৈছিল ।
২০১৫ চনৰ আজিৰ দিনটোতে চিংগাপুৰৰ প্ৰধানমন্ত্ৰী লী ক্যান য়ুৰ মৃত্যু হয়।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি