Begin typing your search above and press return to search.

আজি ২৪ মাৰ্চঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৪ মাৰ্চঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  24 March 2019 6:05 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৩৭ চনৰ আজিৰ দিনটোতে কানাডাত নাগৰিকক ভোট দিয়াৰ অধিকাৰ দিয়ে ৷

১৮৫৫ চনৰ আজিৰ দিনটোতে ক’লকাতা আৰু আগ্ৰাৰ মাজত প্ৰথমবাৰৰ কাৰণে টেলীগ্ৰাফৰ দ্বাৰা দীঘলীয়া বাৰ্তা দিয়া হয়।

১৮৫৫ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ কেবিনেট মিশ্যন ভাৰতলৈ আহে ৷

১৮৮২ চনৰ আজিৰ দিনটোতে মাৰাত্মক অসুখ "টিবি" চিনাক্ত হয়। আৰু এই অসুখ চিনাক্ত কৰাৰ পিছতে যিসকল বৈজ্ঞানিকে এই অসুখক চিনাক্ত কৰণ কৰিছিল তেওঁলোকক ন’বেল পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয়।

১৮৮৩ চনৰ আজিৰ দিনটোতে চিকাগ’ আৰু নিউয়কৰ মাজত প্ৰথমবাৰৰ কাৰণে ফোনেৰে বাৰ্তালাপ হয়।

১৯৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথম বাৰৰ বাৰে চলন্ত ৰেলত ৰেডিঅ’ প্ৰসাৰণ হয় ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে ইৰাকে বাগদাদ বুজাবুজি চুক্তিত নিজকে পৃথক কৰে ৷

১৯৭৭ চনৰ আজিৰ দিনটোতে মোৰাৰজী দেশাই ভাৰতৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হয়।

১৯৯৩ চনৰ আজিৰ দিনটোতে এঞ্জৰ বীজমেন ইজৰাইলৰ ৰাষ্ট্ৰপতি হয় ৷

১৯৯৯ চনৰ আজিৰ দিনটোতে পী এন ভগৱতী দ্বিতীয় বাৰৰ কাৰণে সংযুক্ত ৰাষ্ট্ৰৰ মানৱধিকাৰ সমিতিৰ উপাধ্যক্ষ হয়।

২০০৭ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ মেথ্যিউ হেডনে বিশ্বকাপত সকলোতকৈ বেছি শতক অৰ্জন কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭৭৫ চনৰ আজিৰ দিনটোতে সংগীতকাৰ আৰু কবি মথ্যুস্বামী দীক্ষিতৰ জন্ম হয়।

১৮৬৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনেতা আৰু অধিবক্তা সত্যেন্দ্ৰ সিন্হাৰ জন্ম হৈছিল ৷

১৮৯২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ সাহিত্যকাৰ তথা ৰাষ্ট্ৰসেৱী হৰিভাও উপাধ্যায়ৰ জন্ম হৈছিল ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে বলীউডৰ ষ্টাৰ ইমৰান হাছমীৰ জন্ম হৈছিল।

১৯৮৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় হকী খেলুৱৈ এড্ৰিয়ন ডিছুজাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৫৩ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিইনৰ মহাৰানীৰ আইতাক মহাৰানী মেৰীৰ মৃত্যু হয় ৷

১৬০৩ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ মহাৰাণী এলিজাবেথ প্ৰথমৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story