Begin typing your search above and press return to search.

আজি ২৫ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৫ ফ্ৰেব্ৰুৱাৰীঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  25 Feb 2019 10:13 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৯২৫ চনৰ আজিৰ দিনটোতে প্ৰাক্তন চোবিয়েত সংঘ আৰু জাপানৰ মাজত ৰাজনৈতিক সম্পৰ্ক আৰম্ভ হয়।

১৯৪৫ চনৰ আজিৰ দিনটোতে জাৰ্মানীত দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত তুৰ্কীয়ে যুদ্ধ ঘোষণা কৰে ৷

১৯৬২ চনৰ আজিৰ দিনটোতে সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে জয় লাভ কৰে ৷

১৯৯১ চনৰ আজিৰ দিনটোতে ইৰাকৰ এখন মিছাইলে চৌউদী আৰৱত প্ৰায় ৩০ জন মান আমেৰিকাৰ জোৱানক হত্যা কৰে ৷

২০০৬ চনৰ আজিৰ দিনটোতে দীপা মেহতাৰ ছবি "ৱাটাৰ"ক গোল্ডেন কিন্নাৰী পুৰস্কাৰেৰে পুৰস্কৃত কৰা হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে ন’ কন্ট্ৰী ফাৰ অ’ল্ড মেনে বৰ্ষটোৰ সৰ্বশ্ৰেষ্ঠ ছবি হিচাপে ৮০ সংখ্যক অস্কাৰ একাডেমী পুৰস্কাৰ লাভ কৰে ৷

২০০৯ চনৰ আজিৰ দিনটোতে আইপিএল টুৰ্ণামেন্টৰ নিৰ্দেশকৰ ৰূপত ধীৰজ মালহোত্ৰাৰ নিযুক্ত হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৭০৭ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ নাট্যকাৰ কাৰ্লো গ’ল্ডনীৰ জন্ম হৈছিল।

১৮৯৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ধাৰ্মিক নেতা মেহৰ বাবাৰ জন্ম হৈছিল ৷

১৮৯৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ বিদ্ধান,সাহিত্যকাৰ আৰু শিক্ষাবিদ অমৰনাথ ঝাৰ জন্ম হৈছিল ।

১৯২৫ চনৰ আজিৰ দিনটোতে নাইজেৰিয়াৰ ৰাষ্ট্ৰপতি চেহু শগাৰীৰ জন্ম হয় ৷

১৯৪৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা ডেনী ডেনাজোংগ্পাৰ জন্ম হৈছিল ৷

১৯৮১ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেতা চাহিদ কাপুৰৰ জন্ম হৈছিল ৷

১৯৯৪ চনৰ আজিৰ দিনটোতি বলীউডৰ অভিনেতা উৰ্বশী ৰোতেলাৰ জন্ম হৈছিল৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৮৯৯ চনৰ আজিৰ দিনটোতে জৰ্মান পত্ৰকাৰ প’ল জুলিয়চ ৰায়টৰৰ মৃত্যু হয় ৷

১৯৭০ চনৰ আজিৰ দিনটোতে কেৰালাৰ প্ৰসিদ্ধ সমাজ সুধাৰক পজ্ঞানাৰায়নৰ মৃত্যু হৈছিল ৷

১৯৮৭ চনৰ আজিৰ দিনটোতে হিন্দী ছবিৰ প্ৰসিদ্ধ গীতিকাৰ এছ এছ বিহাৰীৰ মৃত্যু হৈছিল ৷

২০০১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াৰ ক্ৰিকেটাৰ ডন ব্ৰেডমেনৰ মৃত্যু হয় ৷

২০০৪ চনৰ আজিৰ দিনটোতে দক্ষিণ ভাৰতীয় চিনেমাৰ প্ৰসিদ্ধ নিৰ্মাতা নিৰ্দেশক বী নাগাৰেড্ডীৰ মৃত্যু হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হংস ৰাজ খন্নাৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি