Begin typing your search above and press return to search.

আজি ২৬ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৬ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  26 March 2019 7:45 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৫২ চনৰ আজিৰ দিনটোতে গুৰু অমৰ দাস শিখ সকলৰ তৃতীয় গুৰু হিচাপে অধিস্থিত হয় ৷

১৮৬৮ চনৰ আজিৰ দিনটোতে ইংলেণ্ডে মুম্বাইক অধিকাৰ কৰে।

১৭৮০ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইন সংবাদপত্ৰ গেজেট আৰু চান্দে মনিটৰ প্ৰথম প্ৰকাশিত হয় ৷

১৭৯৯ চনৰ আজিৰ দিনটোতে জাম্পা ফিলিস্তীনত নেপ’লিয়ন বোনাৰ্টপাৰ্টে অধিকাৰ কৰে ৷

১৮১২ চনৰ আজিৰ দিনটোতে ৱেনেজুএলা কাৰাকাছত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ২০ হাজাৰ লোকৰ মৃত্যু হয়।

১৯১৭ চনৰ আজিৰ দিনটোতে গাজাত তুৰ্কী আৰু ব্ৰিট্টিছ সেনাৰ মাজত হোৱা যুদ্ধত ব্ৰিট্টেইন জয়ী হয় ৷

১৯৪৩ চনৰ আজিৰ দিনটোতে এল্সী এছ অ’ট্টক আমেৰিকাৰ বায়ুসেনাৰ পদক লাভ কৰে ৷ আৰু তেওঁ পদক পোৱা দ্বিতীয় মহিলা হিছাপে পৰিচিত হয় ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে ডা° জ’নাছে প’লিঅৰ পৰা ৰক্ষা পাবৰ কাৰণে টীকা কৰণৰ ঘোষণা কৰে ৷

১৯৭১ চনৰ আজিৰ দিনটোতে শ্বেখ মুজীবু ৰহমানে পূৰ্বী পাকিস্তানক বাংলাদেশৰ ৰূপত স্বাধীনতাৰ ঘোষণা কৰে,কাৰণেই আজিৰ দিনটোতে বাংলাদেশে স্বাধীনতা দিৱস উদযাপন কৰে ৷

১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতৰ চতুৰ্থ ৰাষ্ট্ৰপতি বী বী গিৰীয়ে আন্তৰাষ্ট্ৰীয় সংস্কৃত সন্মিলনৰ উৎঘাটন কৰে ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে লণ্ডন ষ্টক এক্সেঞ্জত ২০০ বছৰ পুৰণি ইতিহাসক পৰিৱৰ্তন কৰি প্ৰথম বাৰৰ কাৰণে মহিলাক নিযুক্তি দিয়ে ৷

১৯৭৩ চনৰ আজিৰ দিনটোতে ভাৰতৰ উত্তৰাখণ্ডত কৃষকসকলে গছ কটাৰ বিৰোধ কৰিবৰ কাৰণে এক পৰ্যাৱৰণ ৰক্ষা আন্দোলন আৰম্ভ কৰে ৷ আৰু এই আন্দোলনক চিপকো আন্দোলন বুলি কোৱা হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৯৩ চনৰ আজিৰ দিনটোতে বংগালী ছবিৰ প্ৰসিদ্ধ নিৰ্দেশক আৰু অভিনেতা ধীৰেন্দ্ৰ নাথ গাংগুলীৰ জন্ম হৈছিল ৷

১৯০৭ চনৰ আজিৰ দিনটোতে হিন্দী কবি আৰু হিন্দী সাহিত্যৰ চায়াবাদী যুগৰ চাৰিগৰাকী মুখ্য স্তম্ভৰ এজন মহাদেৱী বৰ্মাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিজ্ঞ অনিল বিশ্বাসৰ মৃত্যু হয় ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি