Begin typing your search above and press return to search.

আজি ২৯ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২৯ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  29 March 2019 7:05 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৫৬১ চনৰ আজিৰ দিনটোতে আকবৰে মালৱা দ্বীপৰ ৰাজধানী সাৰংগপুৰ আক্ৰমণ কৰি ৱাজবাহাদূৰক পৰাজয় কৰে ৷

১৭৯৮ চনৰ আজিৰ দিনটোতে চুইজাৰলেণ্ড গণৰাজ্য হয়।

১৮৫৭ চনৰ আজিৰ দিনটোতে ভাৰতত ব্ৰিট্টিছ শাসনৰ বিৰুদ্ধে বংগাল নেটিভ ইন্ফেন্ট্ৰী বিদ্ৰোহ আৰু দীৰ্ঘ সময় ধৰি চিপাহী স্বাধীনতা সংগ্ৰামৰ চিপাহী মংগল পাণ্ডেক স্বাধীনতা সেনানী ৰূপেৰে প্ৰসিদ্ধি লাভ কৰে ৷

১৮৬৭ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ সংসদে কানাডা গঠনৰ কাৰণে উত্তৰী আমেৰিকাৰ অধিনিয়ম পাৰিত কৰে ৷

১৯০১ চনৰ আজিৰ দিনটোতে অষ্ট্ৰেলিয়াত প্ৰথম সংসদীয় নিৰ্বাচন হয় ।

১৯৩২ চনৰ আজিৰ দিনটোতে আমেৰিকাত জেক বেনীয়ে প্ৰথম ৰেডিঅ’ত নিজৰ কাৰ্যক্ৰম আৰম্ভ কৰে ৷

১৯৪৩ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী নেতা তথা নেতা লক্ষ্মন নায়কক বহমপুৰৰ জেলত ফাঁচী দিয়ে ৷

১৯৫৩ চনৰ আজিৰ দিনটোতে তেনজিং নৰগে তথা হিলাৰী দ্বাৰা বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউন্ট এভাৰেষ্টত বিজয় ধ্বজা উৰুৱাই ৷

১৯৫৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় লোক প্ৰশাসন সংস্থানৰ উদঘাটন কৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে এন টী ৰামৰাওৰ দ্বাৰা তেলেগু দেশম পাৰ্টি গঠন হয় ৷

১৯৯৯ হিমালয়ৰ একস্থানত অহা বিধ্বংসী ভূমিকম্পত প্ৰায় ৯০০ জন লোকৰ মৃত্যু হয় ৷

২০০৪ চনৰ আজিৰ দিনটোতে আয়াৰলেণ্ডত ধুম্ৰপানৰ ক্ষেত্ৰত প্ৰতি বন্দকতা আৰোপ কৰা প্ৰথম দেশ হিচাপে চিনাক্ত হয়।

২০০৮ চনৰ আজিৰ দিনটোতে ইৰাকত হোৱা এটি বোমা বিষ্ফোৰণত প্ৰায় ৫০ জন লোকৰ মৃত্য হয়৷

২০১৪ চনৰ আজিৰ দিনটোতে ইংলেণ্ড এণ্ড বেল্স প্ৰথম সমলিংগ বিবাহ আয়োজিত কৰা হয়৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯১৩ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ লেখক ভৱানী প্ৰসাদৰ জন্ম হয় ।

ভাৰতীয় ছবি অভিনেতা উৎপল দত্তৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৬৩ চনৰ আজিৰ দিনটোতে হিন্দীৰ প্ৰসিদ্ধ সাহিত্য চিয়াৰামচৰণৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি