আজি ২ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য
চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷
১৬৭৯ চনৰ আজিৰ দিনটোতি মোগল শাসক আকবৰে জৰ্জিয়াত আক্ৰমণ কৰে ৷
১৮৪৯ চনৰ আজিৰ দিনটোতে পঞ্জাৱৰ স্থাপনা হৈছিল ৷
কাহিৰা আৰু দক্ষিণ আফ্ৰিকাৰ কেপটাউন চহৰৰ মাজত ১৯০৫ চনত ৰেল যাত্ৰা আৰম্ভ হৈছিল ৷
প্ৰসিদ্ধ বিজ্ঞানী এলবাৰ্ট আইনাষ্টাইনে ১৯২১ চনৰ আজিৰ দিনটোতে নিউয়ক চহৰত নিজৰ সূত্ৰৰ কথা ব্যাখ্যা কৰে ৷
১৯৪৫ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘ আৰু ব্ৰাজিলৰ মাজত ৰাজনৈতিক সম্বন্ধ আৰম্ভ হয় ৷
১৯৮৪ চনৰ আজিৰ দিনটোতে মহাকাশ যাত্ৰী ৰাকেশ শৰ্মা মিশ্যন চ’য়ুজ টী ১১ ৰ মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় মহাকাশ যাত্ৰী হয় ৷
১৯৯৭ চনৰ আজিৰ দিনটোতে সুমিতা সিন্হায়ে নিজৰ শৰীৰৰ ওপৰেৰে ৩২০০ কিলোগ্ৰাম ওজনৰ ট্ৰাক পাৰ কৰি ৰেকৰ্ড কৰে ৷
২০০১ চনৰ আজিৰ দিনটোতে নেপালত মাওবাদী বিদ্ৰোহীসকলৰ দ্বাৰা ৩৭ গৰাকী আৰক্ষী অধিকাৰীৰ মৃত্যু হয় ৷
2০০৭ চনৰ আজিৰ দিনটোতে চোলেমান দ্বীপত চুনামী আহে ৷
ভাৰতে ১৯৮৩ চনত বিশ্ব কাপ জয়ী হোৱাৰ পিছত ২০১১ চনৰ আজিৰ দিনটোতে দ্বিতীয় বাৰৰ কাৰণে বিশ্ব কাপ জয়ী হয় ৷
২০১৩ চনৰ আজিৰ দিনটোতে বৰ্মাৰ এটি মচজিদত হোৱা অগ্নিকাণ্ডত ১৩ টি শিশুৰ মৃত্যু হয় ৷
২০১৭ চনৰ আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জম্মু কাশ্মৰীত দেশৰ সকলোতকৈ বৃহৎ সুৰংগ দেশক সমৰ্পিত কৰে ৷
এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷
১৮৯১ চনৰ আজিৰ দিনটোতে গোৱাৰ স্বাধীনতা সংগ্ৰামী টীবী কুন্হাৰ জন্ম হৈছিল ৷
১৯০২ চনৰ আজিৰ দিনটোতে শাস্ত্ৰীয় গায়ক গুলাম আলী খাঁৰ জন্ম হৈছিল৷
১৯৪২ চনৰ আজিৰ দিনটোতে অভিনেতা ৰোশন সেঠৰ জন্ম হয় ।
১৯৬৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেতা অজয় দেৱগনৰ জন্ম হৈছিল ৷
১৯৮১চনৰ আজিৰ দিনটোতে টিভিৰ হাস্য কলাকাৰ কপিল শৰ্মাৰ জন্ম হৈছিল ৷
১৯৮২ চনৰ আজিৰ দিনটোতে টেনিছ খেলুৱৈ ডেবিড ফেৰাৰ জন্ম হয় ৷
এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা
১৭২০ চনৰ আজিৰ দিনটোতে পেছৱা বালাজী বিশ্বনাথৰ মৃত্যু হয় ৷
১৯৩৩ চনৰ আজিৰ দিনটোতে ক্ৰিকেটাৰ ৰণজিৎ সিংৰ গুজৰাতৰ জামনগৰত মৃত্যু হয়।
অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি