Begin typing your search above and press return to search.

আজি ২ মাৰ্চঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ২ মাৰ্চঃচাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  2 March 2019 10:00 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্যঃ

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা,যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে

১৮০৭ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ কংগ্ৰেছে এক আইনৰ জৰিয়তে দেশত গোলামীৰ ক্ষেত্ৰত প্ৰতিবন্দকতা আৰোপ কৰে ৷দাস প্ৰথা সমাপ্ত কৰাৰ এইটো হৈছে প্ৰথম পদক্ষেপ।

১৮৩৬ চনৰ আজিৰ দিনটোতে টেক্সাছে মেক্সিক’ৰ পৰা স্বাধীনতাৰ ঘোষণা কৰে ৷

১৮৬৬ চনৰ আজিৰ দিনটোতে নিডল কম্পনী এক্সেলচিয়েৰে চিলাই মেচিনৰ বেজি নিৰ্মাণৰ কাম আৰম্ভ কৰে ৷

১৯০১ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম ৱায়াৰলেছ টেলীগ্ৰাফ কম্পনী মুকলি কৰে ৷

১৯১৯ চনৰ আজিৰ দিনটোতে আন্তৰাষ্ট্ৰীয় মাক্সবাদৰ প্ৰথম বৈঠক মস্ক’ত অনুষ্ঠিত হয়।

১৯৭০ চনৰ আজিৰ দিনটোতে জিম্বাব’ৱে স্বাধীনতা লাভ কৰে ৷

১৯৮২ চনৰ আজিৰ দিনটোতে বিহাৰৰ ৰাজধানী পাটনাত মহাত্মা গান্ধী সেতু উৎঘাটন কৰে ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই ভূমিগত পৰমাণু পৰীক্ষণ কৰে ৷

২০০৬ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ভাৰত আৰু আমেৰিকাৰ মাজত ঐতিহাসিক পৰমাণু চুক্তি সম্পন্ন হয় ।

২০০৬ চনৰ আজিৰ দিনটোতে ভাৰতে পৰমাণু শক্তিৰ সম্বন্ধত আমেৰিকাৰ লগত ৰাষ্ট্ৰপতি জৰ্জ ব্যুশৰ দিল্লী আগমনৰ ক্ষেত্ৰত চুক্তি কৰে ৷

২০১২ চনৰ আজিৰ দিনটোতে আদালতে এপ্পল আৰু চেমচাঙৰ মাজত আদালতত মোকদৰ্মা খাৰিজ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা ,যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৩১৬ চনৰ আজিৰ দিনটোতে স্কটলেণ্ডৰ ৰবাৰ্ট দ্বিতীয়ৰ জন্ম হৈছিল ৷

১৯৩২ চনৰ আজিৰ দিনটোতে ৰাজনৈতিজ্ঞ বসন্ত সিঙ খালছাৰ জন্ম হৈছিল ৷

১৯৮২ চনৰ আজিৰ দিনটোতে আমেৰিকান অভিনেতা জেচিকা ৱীল ৰ জন্মৰ হৈছিল ৷

১৯৮৬ চনৰ আজিৰ দিনটোতে ভাৰতীয় খেলুৱৈ জয়ন্ত তালুকদাৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৭০০ চনৰ আজিৰ দিনটোতে ছত্ৰপতি শিৱাজী মহাৰাজৰ সৰু পুত্ৰ ৰাজাৰামৰ চিড়গড়ত মৃত্যু হৈছিল ৷

১৮৬৯ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ প্ৰথম ৰাজ্যপাল হৰকোট ৱটলৰ মৃত্যু হৈছিল ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতীয় স্বাধীনতা আন্দোলনৰ অগ্ৰণী ভূমিকা লোৱা সৰোজিনী নাইডুয়ে ইহলীলা সম্বৰণ কৰে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি