Begin typing your search above and press return to search.

আজি ৩০ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৩০ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  30 March 2019 7:48 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮১৪ চনৰ আজিৰ দিনটোতে নেপ’লিয়ন বোনাপাৰ্টক পৰাজয় কৰাৰ পিছত বিট্ৰেইনৰ সেনাই পেৰিছৰ পালে যাত্ৰা কৰে ৷

১৮২২ চনৰ আজিৰ দিনটোতে ফ্ল’ৰিডা আমেৰিকাৰ লগত সন্নিবিষ্ট হয় ৷

১৮৪২ চনৰ আজিৰ দিনটোতে বেহুছ কৰাৰ ঔষধ ইথৰ প্ৰথমবাৰ কাৰণে ব্যবহাৰ কৰে ৷

১৮৬৭ চনৰ আজিৰ দিনটোতে আমেৰিকাই ৰুচৰ পৰা আলাস্কাক ক্ৰয় কৰে ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে চোবিয়েত সংঘই অষ্ট্ৰিয়াৰ ওপৰত আক্ৰমণ কৰে ।

১৯৪৯ চনৰ আজিৰ দিনটোতে ৰাজস্থানৰ স্থাপন হয় ৷আৰু জয়পুৰ ৰাজস্থানৰ ৰাজধানী হয় ৷

১৯৬৩ চনৰ আজিৰ দিনটোতে ফান্সে আলজেৰিয়াত পৰমাণু পৰীক্ষণ কৰে ।

১৯৮২ চনৰ আজিৰ দিনটোতে নাছাৰ অন্তৰীক্ষ যান কল’ম্বিয়াই এটীএছ -৩ মিশ্যন সম্পূৰ্ণ কৰি পৃথিৱীলৈ যাত্ৰা কৰে ৷

২০০৩ চনৰ আজিৰ দিনটোতে পাকিস্তানে কহুটা পৰমাণু স্বাধীনতাত ২ বছৰৰ কাৰণে প্ৰতিবন্দকতা আৰোপ কৰে ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৫৩ চনৰ আজিৰ দিনটোতে নেডাৰলেণ্ডৰ প্ৰসিদ্ধ চিত্ৰকাৰ এক বিন্সেন্ট বেন গ’ৰ জন্ম হয়।

১৮৯৯ চনৰ আজিৰ দিনটোতে ভাৰত পাকিস্তান বিভাজনৰ ৰেখা তৈয়াৰ কৰা চীৰিল ৰেডক্লিফৰ জন্ম হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে ভাৰতীয় অভিনেত্ৰী দেবিকা ৰানীৰ জন্ম হৈছিল ৷

১৬৬৪ চনৰ আজিৰ দিনটোতে শিখসকলৰ অষ্টম গুৰু হৰ কিশান সিঙৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

২০০২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সংগীতকাৰ আনন্দ বক্সীৰ নিধন হৈছিল ৷

২০০৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ কাৰ্টুনিষ্ট আৰু লেখক অ’বী বিজয়নৰ মৃত্যু হৈছিল ৷

২০০৬ চনৰ আজিৰ দিনটোতে আধুনিক সাহিত্যকাৰ, উপন্যাসকাৰ,ব্যংগকাৰ মনোহৰ শ্যাম জোশীৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি