Begin typing your search above and press return to search.

আজি ৩১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৩১ মাৰ্চঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  31 March 2019 8:57 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৭৭৪ চনৰ আজিৰ দিনটোতে ভাৰতত ডাক সেৱাৰ কাৰ্যালয় মুকলি হয় ৷

১৮৬৭ চনৰ আজিৰ দিনটোতে মুম্বাইত প্ৰাৰ্থনা সমাজৰ স্থাপন হয় ৷

১৮৭০ চনৰ আজিৰ দিনটোতে আমেৰিকাত প্ৰথমবাৰৰ কাৰণে নাগৰিকে ভোট প্ৰদান কৰে ৷

১৯২১ চনৰ আজিৰ দিনটোতে ৰয়েল অষ্ট্ৰেলিয়াৰ এয়াৰফৰ্চৰ স্থাপন কৰে ৷

১৯৫৯ চনৰ আজিৰ দিনটোতে বৌদ্ধ ধৰ্মগুৰু দালাই লামাক তিব্বতৰ পৰা নিৰ্বাসন দিয়াৰ পিছত ভাৰতত স্থান দিয়ে ৷

১৯৬৬ চনৰ আজিৰ দিনটোতে চোবিয়েত ৰুচে প্ৰথম চন্দ্ৰযান লুনা ১০ লঞ্চ কৰে ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে মাল্টায়ে ব্ৰিট্টেইনৰ পৰা স্বাধীনতা লাভ কৰে ৷

১৯৮৩ চনৰ আজিৰ দিনটোতে কলমম্বিয়া চহৰ পোপায়নত অহা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০ জন লোকৰ মৃত্যু হয় ।

২০০৮ চনৰ আজিৰ দিনটোতে পাকিস্তানী বায়ুসেনাৰ ওচৰত হোৱা বোমা বিষ্ফোৰণত প্ৰায় ১২ জন লোকৰ মৃত্যু হয় ৷

২০১১ চনৰ আজিৰ দিনটোতে জনগণনাৰ হিচাপত ভাৰতত জনসংখ্যা বৃদ্ধি হৈ ১২১ কোটি হয়।

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৫০৪ চনৰ আজিৰ দিনটোতে শিখ সকলৰ গুৰু অংগদ দেৱৰ জন্ম হয় ।

১৮৬৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম মহিলা ডা° আনন্দী গোপাল জোশীৰ জন্ম হৈছিল ৷

১৮৬০ চনৰ আজিৰ দিনটোতে হিন্দীৰ লেখক ৰমা শংকৰ ব্যাসৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ অভিনেতা আৰু গায়ক ৰিৰ্চড কাইলীৰ জন্ম হৈছিল ৷

১৯৩৪ চনৰ আজিৰ দিনটোতে ইংৰাজী আৰু মালায়লমৰ প্ৰসিদ্ধ লেখিকা কমলা দাসৰ জন্ম হৈছিল ৷

১৯৩৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ মহিলা ৰাজনীতিজ্ঞ তথা দিল্লীৰ পূৰ্ব প্ৰধানমন্ত্ৰী শীলা দিক্ষীতৰ জন্ম হৈছিল ৷

১৯৪৫ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ ৰাজনীতিজ্ঞ,প্ৰথম মহিলা লোকসভাৰ অধ্যক্ষ মীৰা কুমাৰৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৭২৭ চনৰ আজিৰ দিনটোতে মহান ভৌতিকশাস্ত্ৰী আইজাক নিউটনৰ মৃত্যু হয়।

১৯৩০ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ মহান স্বাধীনতা সংগ্ৰামী তথা লেখক শ্যামজী কৃষ্ণ বৰ্মাৰ নিধন হয়।

১৯৭২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ অভিনেত্ৰী মীনা কুমাৰীৰ ইহলীলা সম্বৰণ কৰে ৷

২০০২ চনৰ আজিৰ দিনটোতে মহিলা কাৰ্যকৰ্তা মৌতুৰু উদয়নৰ মৃত্যু হয়।

২০০৯ চনৰ আজিৰ দিনটোতে আৰ্জেন্টিনাৰ ৰাষ্ট্ৰপতি ৰ’ল অলফোন্সিনৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি