আজি ৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৩ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস
Published on

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৯২২ চনৰ আজিৰ দিনটোতে জোচেফ ষ্টালিনক চোবিয়েত কমিউনিষ্ট দলৰ কেন্দ্ৰীয় মহাসচিব নিযুক্ত হয় ৷

১৯৩৩ চনৰ আজিৰ দিনটোতে বিশ্বৰ সকলোতকৈ ওখ মাউন্ট এভাৰেষ্টৰ ওপৰত প্ৰথমবাৰ বিমানে পৰিভ্ৰমণ কৰে ৷

১৯৪২ চনৰ আজিৰ দিনটোতে জাপানে দ্বিতীয় বিশ্বযুদ্ধত আমেৰিকাত শেষবাৰৰ কাৰণে তদন্ত আৰম্ভ কৰে ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে আমেৰিকা,ব্ৰিট্টেইন, ফান্স আৰু কানাডাই উত্তৰ আটলান্টিক বুজাবুজিত স্বাক্ষৰ কৰে ৷

১৯৮৪ চনৰ আজিৰ দিনটোতে ৰাকেশ শৰ্মা ৰুছৰ অন্তৰীক্ষ যান চোয়ুজ টী ১১ৰ দ্বাৰা মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হয় ৷

২০০১ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্টপতি বিল ক্লিন্টন ভাৰতলৈ আহে ৷

২০০২ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফৰ জনমত সংগ্ৰহৰ যোজনা মন্ত্ৰীমণ্ডলে মঞ্জুৰী দিয়ে ৷

২০০৬ চনৰ আজিৰ দিনটোতে নেপালত মাওবাদিয়ে সংঘৰ্ষবিৰাম ঘোষণা কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে নতুন দিল্লীত ১৪ সংখ্যক চাৰ্ক সন্মিলন হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে মেধা পাটকাৰক ৰাষ্ট্ৰীয় সংগ্ৰামীবীৰ পুৰস্কাৰেৰে পুৰস্কৃত কৰে ৷

২০১০ চনৰ আজিৰ দিনটোতে এপ’লৰ প্ৰথম আইপেড বজাৰলৈ আহে ।

২০১৩ চনৰ আজিৰ দিনটোতে আজেন্টিনাত অহা বানত প্ৰায় ৫০ ৰো অধিক লোকৰ মৃত্যু হয় ৷

২০১৬ চনৰ আজিৰ দিনটোতে কলকাতত হোৱা আইচিচি ২০ বিশ্ব কাপত ভাৰত জয়ী হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৯০৩ চনৰ আজিৰ দিনটোতে স্বাধীনতা সংগ্ৰামী তথা সমাজ সংস্কাৰক কমলা দেৱী চট্টোপাধ্যায়ৰ জন্ম হৈছিল ৷

১৯১৪ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম ফীল্ড মাশ্বল এচএচএফ মানকশাৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ গায়িকা আৰু অভিনেত্ৰী ডোৰিছ ডেৰ জন্ম হৈছিল ৷

১৯২৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ নিৰ্মল বাৰ্মাৰ জন্ম হৈছিল ৷

১৯৩১ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ সাহিত্যকাৰ মন্নু ভাণ্ডাৰীৰ জন্ম হৈছিল ৷

১৯৫৫ চনৰ আজিৰ দিনটোতে গায়ক হৰিহৰণৰ জন্ম হৈছিল ৷

১৯৬২ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ অভিনেত্ৰী জয়া পৰ্দাৰ জন্ম হৈছিল ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৬৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ মাৰাঠা সামাজ্যৰ প্ৰতিস্থাপক ছত্ৰপতি শিৱাজী মহাৰাজৰ মৃত্যু হৈছিল ৷

২০১৭ চনৰ আজিৰ দিনটোতে হিন্দুস্তানী শাস্ত্ৰীয় পৰম্পৰাৰ মুখ্য গায়িকা কিশোৰী অ’মোনকৰৰ মৃত্যু হয়।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com