Begin typing your search above and press return to search.

আজি ৪ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৪ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ  ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 April 2019 9:19 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৪৬০ চনৰ আজিৰ দিনটোতে ছুইজাৰলেণ্ডৰ বেছল ইউনিভাৰচিটীৰ স্থাপন হয় ৷

১৭১৬ চনৰ আজিৰ দিনটোতে উত্তৰী জাৰ্মানীত ৰুছ আৰু প্ৰশ্বিয়াত সেনাই অধিকাৰ কৰে ৷

১৭২২ চনৰ আজিৰ দিনটোতে জেকব ৰোজৰবিন পূৰ্বী আয়াৰলেণ্ডৰ বিচাৰি উলিয়াই ৷

১৯০৫ চনত কাংগৰী ঘাটীত হোৱা ভূমিকম্পত প্ৰায় ২০০০০ লোকৰ মৃত্যু হয় ।৷

১৯১০ চনৰ আজিৰ দিনটোতে দাৰ্শনিক শ্ৰী অৰবিন্দ পণ্ডিচেৰীত উপস্থিত হৈ যোগ আৰু আধ্যাত্মিক কেন্দ্ৰ মুকলি কৰে ৷

১৯১৬ চনত আমেৰিকাৰ চিনেটে প্ৰথম বিশ্ব যুদ্ধত অংশ ল’বলৈ মঞ্জুৰী দিয়ে ৷

১৯৪১ চনৰ আজিৰ দিনটোতে লিবিয়া আৰু বেনগাজী চহৰত জাৰ্মানী সেনাই অধিকাৰ কৰে ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে উত্তৰী আটলান্টিক সৈন্য সংগঠনৰ স্থাপন হয় ।

১৯৬০ চনৰ আজিৰ দিনটোতে আফ্ৰিকাৰ দেশ চেনেগেলে ফান্সৰ পৰা স্বাধীনতা লোৱাৰ ঘোষণা কৰে ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জুল্ফিকাৰ আলী ভূট্টোক ফাচীৰ আদেশ দিয়ে।

১৯৬৮ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ মানৱধিকাৰ কৰ্মী মাৰ্টিন লুথাৰ কিঙক হত্যা কৰা হৈছিল ৷

২০১৩ চনৰ আজিৰ দিনটোতে এক কুল্হাৰী হত্যা কাণ্ডত প্ৰায় ৯ জন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৮৮৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ হিন্দী কবি,লেখক,নাট্যকাৰ আৰু পত্ৰকাৰ মাখনলাল চতুৰ্বেদীৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ সংগীত কাৰ এলমাৰ বৰ্ণষ্টাইনৰ জন্ম হৈছিল৷

১৯৪৯ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বলীউডৰ অভানেত্ৰী পাৰবীন বাবীৰ জন্ম হৈছিল ৷

ভাৰতীয় মডেল তথা অভিনেত্ৰী লীছা ৰে জন্ম হৈছিল ১৯৭২ চনৰ আজিৰ দিনটোতে ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯৮৭ চনৰ আজিৰ দিনটোতে হিন্দী সাহিত্যকাৰ সচ্চিদানন্দ হীৰানন্দ বাস্ত্যায়ান অজ্ঞেয়ৰ মৃত্যু হৈছিল ৷

১৯৯৫ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰসিদ্ধ স্বাধীনতা সংগ্ৰামী তথা শিক্ষাবিদ হংসা মেহতাৰ মৃত্যু হৈছিল ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি