Begin typing your search above and press return to search.

আজি ৫ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

আজি ৫ এপ্ৰিলঃ চাওঁ আহক আজিৰ দিনটোৰ ইতিহাস

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  5 April 2019 10:05 AM GMT

প্ৰত্যেক দিনটোৰ দৰে আজিৰ দিনটোৰো আছে এক বিশেষ ইতিহাস । এই বিশেষ দিনটোতে আমাৰ দেশলৈ বিশেষ অৱদান আগবঢ়োৱা মহান মনিষীসকলে জন্ম গ্ৰহণ কৰিছিল। লগতে এই বিশেষ দিনটোতে আমাৰ দেশত কিছুমান ঘটনা সংঘটিত হৈছিল ৷যিসমূহ ঘটনাৰ দ্বাৰা দেশ তথা সমাজখন আগুৱাই প্ৰযুক্তি বিদ্যাৰে আগুৱাই এখন উন্নত দেশ হোৱাৰ দিশে ধাৱমান হৈছে ৷ লগতে এই দিনটোতে আমাৰ সমাজলৈ অৱদান আগবঢ়োৱা মনিষীসকলে ইহলীলা সম্বৰণ কৰে ৷চাওঁ আহক আজিৰ দিনটোৰ বিশেষ তাৎপৰ্য

চাওঁ আহক আজিৰ দিনটোত সংঘটিত হোৱা কিছুমান ঘটনা, যি সমূহ ইতিহাসৰ সোনালী পাতত লিপিবদ্ধ হৈ আছে ৷

১৮৪৩ চনৰ আজিৰ দিনটোতে ব্ৰিট্টেইনক মহাৰাণী ভিক্টোৰিয়াই হংককঙত ব্ৰিট্টিছৰ লগত সংযোগ কৰে ৷

১৯৪৯ চনৰ আজিৰ দিনটোতে ভাৰতত স্কাউট গাইডৰ স্থাপনা হয়।

১৯৫৫ চনৰ আজিৰ দিনটোতে বিষ্টন চৰ্চিলে ব্ৰিট্টিশ প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তীফা দিয়ে।

১৯৫৭ চনৰ আজিৰ দিনটোতে দেশত প্ৰথমবাৰ আৰু বিশ্বত প্ৰথমবাৰৰ কাৰণে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে কেৰালাত কমিউনিষ্ট দল শাসনলৈ আহে ৷

১৯৬১ চনৰ আজিৰ দিনটোতে ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়ান ফাৰ্মাটিউকেল লিমিটেড কোম্পানী স্থাপন হয় ৷

১৯৬৪ চনৰ আজিৰ দিনটোতে নৌসেনাই প্ৰথমবাৰৰ কাৰণে ৰাষ্ট্ৰীয় সমুদ্ৰী দিৱস পালন কৰে ৷

১৯৭৫ চনৰ আজিৰ দিনটোতে চাউদী আৰবৰ ৰজা ফেজলৰ হত্যা হয় ৷

১৯৭৯ চনৰ আজিৰ দিনটোতে দেশৰ প্ৰথম নৌসেনা সংগ্ৰাহালয় মুম্বাইত মুকলি হয় ৷

১৯৯১ চনৰ আজিৰ দিনটোতে মহাকাশযান এছটীএছ৩৭ ৰ প্ৰক্ষেপন হয় ৷

২০০৬ চনৰ আজিৰ দিনটোতে চিংগাপুৰত ৪৫ জন ভাৰতীয়ক প্ৰব্ৰজন অপৰাধত গ্ৰেপ্তাৰ কৰে ৷

২০০৭ চনৰ আজিৰ দিনটোতে ইৰানে ১৫ ব্ৰিট্টিশ সৈনিকক মোকলাই দিয়ে ৷

২০০৮ আজিৰ দিনটোতে পাৰ্বতী অমনাকুট্টন ফেমিনা মিছ ইণ্ডিয়া বল্ড হয় ৷

২০০৮ চনৰ আজিৰ দিনটোতে ইৰাকত আত্মঘাতী আক্ৰমণত প্ৰায় ১০ জন লোকৰ মৃত্যু হয় ৷

২০১০ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ এখন ৰাজ্যত কয়লা খনিত হোৱাত দুৰ্ঘটনাত প্ৰায় ২২ জন লোকৰ মৃত্যু হয় ৷

এইবাৰ চাওঁ আহক আমাৰ সমাজলৈ বিশেষ অৱদান আগবঢ়োৱা তথা জন্ম হোৱা ব্যক্তিৰ তালিকা , যাৰ দ্বাৰা আমাৰ সমাজ তথা দেশখনে প্ৰগতিৰ পথত আগুৱাই গৈছে ৷

১৪৭৯ চনৰ আজিৰ দিনটোতে শিখসকলৰ তৃতীয় গুৰু অমৰদাসৰ জন্ম হৈছিল ৷

১৯০৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথম দলিত উপ প্ৰধানমন্ত্ৰী তথা ৰাজনেতা বাবু জগ জীৱন ৰামৰ জন্ম হৈছিল ৷

১৯২০ চনৰ আজিৰ দিনটোতে ৰাজনেতা ৰফীক জকৰিয়াৰ জন্ম হৈছিল ৷

১৯২২ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ ফুটবল খেলুৱৈ টম ফিনীৰ জন্ম হৈছিল।

১৯২২ চনৰ আজিৰ দিনটোতে ব্ৰিট্টিছ অভিনেতা ক্ৰিষ্টোফাৰৰ জন্ম হৈছিল।

১৯২২ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ গায়িকা আৰু অভিনেত্ৰী গেল ষ্ট’মৰ জন্ম হৈছিল ।

১৯২৩ চনৰ আজিৰ দিনটোতে উত্তৰ প্ৰদেশৰ প্ৰাক্তন উপমন্ত্ৰী হোৱা ম.উচ্চান আৰিফৰ জন্ম হয় ৷

এইবাৰ চাওঁ আহক আজিৰ দিনটোতে ইহলীলা সম্বৰণ কৰা ব্যক্তিৰ তালিকা

১৯২২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত ভাৰতীয় বিদুষী মহিলা আৰু সমাজ সুধাৰক পণ্ডিত ৰমাবাইৰ মৃত্যু হয় ৷

১৯৪০ চনৰ আজিৰ দিনটোতে মহাত্মা গান্ধীৰ বন্ধু আৰু সমাজ সংস্কাৰক চি এফ এণ্ড্ৰয়ুজৰ মৃত্যু হয় ৷

১৯৮৯ চনৰ আজিৰ দিনটোতে গুজৰাটী ভাষাৰ প্ৰসিদ্ধ সাহিত্যকাৰ পন্নালাল পেটেলৰ মৃত্যু হৈছিল ৷

১৯৯৩ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বলীউডৰ অভিনেত্ৰী দিব্যা ভাৰতীৰ মৃত্যু হৈছিল ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Next Story
চাকৰি